ডুমডুমা, 28 আগষ্টঃপঞ্চায়তৰ দুৰ্নীতিক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে উত্তাল হৈ পৰে ডুমডুমা । অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ৰ ডুমডুমা শাখাই ডুমডুমা নগৰৰ মাজমজিয়াত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
ডুমডুমাত আটছাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ - ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ
হাপজান উন্নয়ণ খণ্ডৰ খণ্ড উন্নয়ণ বিষয়া হেৰী পৌল ফাৰ্ণাণ্ডেজে এম. জি. এনৰেগা আঁচনিৰ উন্নয়ণ খণ্ডৰটোৰ অন্তৰ্গত দৈমুখীয়া, বাঘজন, দৈদামকে ধৰি মুঠ ১৬ টা পঞ্চায়তত ১ কোটি ৩৩ লাখ টকাৰ দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ ৷
![ডুমডুমাত আটছাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ DOOMDOOMA AATSA PROTEST AT 37 NATIONAL HIGHWAY](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8587068-632-8587068-1598593840356.jpg)
উল্লেখযোগ্য যে, হাপজান উন্নয়ণ খণ্ডৰ খণ্ড উন্নয়ণ বিষয়া হেৰী পৌল ফাৰ্ণাণ্ডেজে এম. জি. এনৰেগা আঁচনিৰ উন্নয়ণ খণ্ডৰটোৰ অন্তৰ্গত দৈমুখীয়া, বাঘজন, দৈদামকে ধৰি মুঠ ১৬ টা পঞ্চায়তত ১ কোটি ৩৩ লাখ টকাৰ দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰি আঞ্চলিক পঞ্চায়তৰ সভাপতি ৰূপকুমাৰ তাঁতীয়ে ডুমডুমা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল । কিন্তু অভিযোগ অনুসৰি, অভিযুক্ত বিষয়াগৰাকীক ডিগবৈ সমষ্টিৰ বিজেপি বিধায়ক সুৰেণ ফুকনে ৰক্ষণাবেক্ষণ দিয়াৰ লগতে বিষয়া গৰাকীৰ দুৰ্নীতি ফাদিল কৰাৰ অপৰাধত সভাপতি ৰূপকুমাৰ তাঁতীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ অনাৰ ব্যৱস্থা কৰিছে বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰি সংগঠনটোৱে ডুমডুমাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷
ইপিনে বিধায়ক সুৰেন ফুকনৰ এনে অনৈতিক কাৰ্য্যত ক্ষোভিত সংগঠনটোৱে বিজেপি দলে ডুমডুমাত চাহ জনগোষ্ঠীক ৰাজনৈতিকভাৱে নিঃশেষ কৰাৰ এক ষড়যন্ত্ৰ কৰিছে আৰু ইয়াৰ দ্বায়িত্ব সুৰেণ ফুকনৰ দৰে এজন বহু বিতৰ্কিত বিধায়কক অৰ্পন কৰা বুলি অতি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সংগঠনটোৱে ৷ পথ অৱৰোধৰ ফলত ডুমডুমাত বহুসংখ্যক বাহন আৱদ্ধ হৈ পৰে । হাপজান ব্লকত সংঘটিত দুৰ্নীতিৰ অতি শ্ৰীঘ্ৰেই উৎচিত তদন্ত কৰি দোষী বিষয়াক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ সংগঠনটোৱে দাবী জনায় ।
লগতে পঢ়কঃএয়াৰটেলৰ উপভোক্তাসকলৰ বাবে দুঃখবৰ