মুন্মীৰ চিকিৎসক হোৱাৰ সপোনত হেঙাৰ হৈ ঠিয় দিছে আৰ্থিক দৈনতাই - ফিল'বাৰী
উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত বিজ্ঞান বিভাগত ৮৩.০৬ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হোৱা অতি দৰিদ্ৰ পৰিয়ালৰ কন্যা মুন্মীৰ সপোন এগৰাকী সফল চিকিৎসক হোৱাৰ ৷ কিন্তু সপোনৰ বাটত বাট আগুচি ধৰিছে দৰিদ্ৰতাই ৷ কাৰণ আৰ্থিকভাৱে জুৰুলা পৰিয়ালটো অসমৰ্থ মুন্মীৰ এই সপোন পূৰণ কৰাত ৷
ডুমডুমা,27 মে' : বিজ্ঞান বিভাগত ৮৩.৬ শতাংশ নম্বৰেৰে উত্তীৰ্ণ মাৰ্ঘেৰিটাৰ ফিল'বাৰী বৰহোলুং অঞ্চলৰ কৃতী ছাত্ৰী মুন্মী বড়াৰ সপোনে কলি মেলোতেই যেন মৰহাৰ পথত । কাৰণ দৰিদ্ৰতাই মুন্মীৰ চিকিৎসক হোৱাৰ সপোনত হেঙাৰ হৈ থিয় দিছে। পিতৃ গুণকান্ত বড়া আৰু ৰিজুমনি বড়াৰ কণ্যা মুন্মীৰ সপোন পূৰণ কৰিবলৈ পৰিয়ালটোক যিমানখিনি অৰ্থৰ প্ৰয়োজন সেইখিনি খৰচ বহন কৰিবলৈ সমৰ্থৱান নহয় পৰিয়ালটো । হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৪.১৬ শতাংশ নম্বৰ অৰ্জন কৰি সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হোৱা মুন্মীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত ডিগবৈ আৰ.ডি.জুনিয়ৰ কলেজৰ পৰা বিজ্ঞান বিভাগত ৮৩.০৬ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে । উল্লেখ্য যে, আৰ. ডি. জুনিয়ৰ কলেজ কৰ্তৃপক্ষই মুন্মীক বিনামূলীয়াকৈ শিক্ষা প্ৰদান কৰিছিল। কিন্তু ভৱিষ্যতৰ উচ্চ শিক্ষাৰ কথা ভাবি এতিয়া চিন্তিত হৈ পৰিছে মুন্মীৰ লগতে মুন্মীৰ পৰিয়ালবৰ্গ ।