ডুমডুমা, 3 ফ্ৰেব্ৰুৱাৰীঃ তিনিচুকীয়া জিলাৰ পেঙেৰীৰ মুংগং পথাৰ, টেকেৰী নামচাই, বালিচাপৰি আদি গাঁৱৰ প্ৰায় 20 হাজাৰ বিঘা ভূমি এতিয়া বুঢ়ীদিহিং নদীৰ বুকুত জাহ গৈছে । সুদীৰ্ঘ বছৰৰ পৰা গৰাখহনীয়াই ৰাইজৰ জীৱন জীৱিকা হাহাকাৰ কৰি তোলাৰ লগতে প্ৰতি বছৰে বানপানীৰ সময়ত এই গাওঁবাসীকসকলে বিনিদ্ৰ ৰজনীৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে । বিজ্ঞানসন্মত পদ্ধতিৰে গৰাখহনীয়া ৰোধৰ বাবে চৰকাৰৰ লগতে জলসম্পদ বিভাগক স্থানীয় দল-সংগঠনসমূহে বাৰম্বাৰ আবেদন কৰাৰ লগতে ধাৰাবাহিক প্ৰতিবাদীৰেও দাবী জনাই অহিছে ৷ ইমানৰ পাছতো আজিকোপতি কোনো সমাধানৰ মুখ নেদেখিলে ৰাইজে ৷
বুঢ়ীদিহিং নদীৰ বুকুত জাহ গ'ল প্ৰায় 20 হাজাৰ বিঘা ভূমি - assam erosion tinsukia doomdooma
বিজ্ঞানসন্মত পদ্ধতিৰে গৰাখহনীয়া ৰোধৰ বাবে চৰকাৰৰ লগতে জলসম্পদ বিভাগক স্থানীয় দল-সংগঠনসমূহে বাৰম্বাৰ আবেদন কৰাৰ লগতে ধাৰাবাহিক প্ৰতিবাদীৰেও দাবী জনাই অহিছে ৷ ইমানৰ পাছতো আজিকোপতি কোনো সমাধানৰ মুখ নেদেখিলে ৰাইজে ৷

ভয়াৱহ গৰাখহনিয়াৰ কৱলত ৰাজ্যৰ প্ৰায় 20 হাজাৰ বিঘা ভূমি
ভয়াৱহ গৰাখহনিয়াৰ কৱলত ৰাজ্যৰ প্ৰায় 20 হাজাৰ বিঘা ভূমি
লগতে পঢ়কঃ সমন্বয়ৰ অন্যন্য নিৰ্দশন শংকৰদেৱ সংঘৰ অধিৱেশনস্থলী
সেয়ে, অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ মুংগং পথাৰ শাখা সমিতিয়ে এই বুঢ়িদিহিং নদীৰ গৰাখহনীয়াস্থলী পৰিভ্ৰমণ কৰি শীঘ্ৰে চৰকাৰক এই সমস্যাটোৰ স্থায়ী সমাধানৰ দাবী জনাইছে ৷ অন্যথা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ পুনৰ আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ব বুলি সকীয়াই দিয়ে ।
Last Updated : Feb 3, 2020, 8:25 PM IST