অসম

assam

ETV Bharat / state

কৃতিত্ব লোৱাৰ স্বাৰ্থত আটছাক এলাগী কৰিলে বিধায়ক ৰূপেশ গোৱালাই - চাহ জনজাতি ছাত্ৰ সন্থা

বিধায়ক ৰূপেশ গোৱালাৰ বিৰুদ্ধে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ক্ষোভ ৷ বিধায়ক ৰূপেশ গোৱালাই কৃতিত্ব লোৱাৰ স্বাৰ্থতে আটছাক এলাগী কৰাৰ অভিযোগ ৷

AATSA Press Meet Against MLA Rupesh Gowala
আটছাক এলাগী কৰাৰ অভিযোগ

By ETV Bharat Assamese Team

Published : Nov 24, 2023, 7:49 PM IST

বিধায়ক ৰূপেশ গোৱালাৰ বিৰুদ্ধে সংবাদমেল আটছাৰ

তিনিচুকীয়া, 24 নৱেম্বৰ : তিনিচুকীয়া জিলাৰ ডুমডুমাৰ বিজেপি বিধায়ক ৰূপেশ গোৱালাৰ আন এক কাণ্ডই অসম চাহ জনজাতি ছাত্ৰ সন্থাক ক্ষোভিত কৰি তুলিছে ৷ ডুমডুমাৰ পৰা দীঘলতৰং চাহ বাগিচালৈ যোৱা প্ৰায় 21 কিলোমিটাৰ পথ বহল কৰাৰ বাবে 2016 চনৰ পৰা অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ডুমডুমা শাখা আৰু কেন্দ্ৰীয় সমিতিৰ তদানীন্তন সাংগঠনিক সম্পাদক ৰূপেশ তাঁতীয়ে অইল ইণ্ডিয়া লিমিটেডক বাৰম্বাৰ লিখিত আবেদন আৰু দ্বি-পাক্ষিক আলোচনাত দাবী উত্থাপন কৰি আহিছিল ৷ পৰৱৰ্তী সময়ত অইল ইণ্ডিয়া লিমিটেডৰ অৱসৰপ্ৰাপ্ত মুখ্য আৱাসিক বিষয়া প্ৰশান্ত বৰকাকতিয়ে পথটি বহল কৰাৰ বাবে 23 কোটি আৰু দীঘলতৰং চাহ বাগিচাৰ গৰাখহনীয়া ৰোধ কৰাৰ বাবে 4.12 কোটি টকা অনুমোদন জনায় আৰু জিলা প্ৰশাসনৰ সৈতে এক M.O.U. স্বাক্ষৰ কৰে ৷

পৰৱৰ্তী সময়ত পথটি নিৰ্মাণৰ বাবে লোকনিৰ্মাণ বিভাগে নিবিদা আহ্বান কৰি পথটি নিৰ্মাণৰ যাৱতীয় কাম-কাজ আৰম্ভ কৰে ৷ কিন্তু 22 নৱেম্বৰত অইল ইণ্ডিয়া লিমিটেডে আয়োজন কৰা ডুমডুমা নগৰ খেলপথাৰত প্ৰকল্প দুটাৰ আধাৰশিলা অনুষ্ঠানত ডুমডুমাৰ বিজেপি বিধায়ক ৰূপেশ গোৱালাই প্ৰকল্প দুটা অনুমোদন কৰোৱাৰ সম্পূৰ্ণ কৃতিত্ব নিজে লোৱাত উঠি-পৰি লগা দেখা গ’ল ৷ লক্ষ্যণীয়ভাৱে অইল ইণ্ডিয়া লিমিটেডৰ আধাৰশিলা অনুষ্ঠানটোক বিজেপি দলৰ অনুষ্ঠানত পৰিণত কৰি বিধায়ক ৰূপেশ গোৱালাই কেৱল বিজেপি নেতা-কৰ্মীক একত্ৰিত কৰি প্ৰকল্প দুটা একমাত্ৰ তেওঁৰ তৎপৰতাত অইল ইণ্ডিয়াই অনুমোদন দিয়া বুলি প্ৰচাৰ কৰাত উঠি-পৰি লাগে ৷

বিধায়কগৰাকীৰ এনে অপ্ৰত্যাশিত কৰ্মকাণ্ডত হতভম্ব আটছাৰ নেতা ৰূপেশ তাঁতী আৰু আটছা ডুমডুমা শাখাৰ সভাপতি আৰু সম্পাদক ক্ৰমে বাবলু পানীকা আৰু যজ্ঞেশ্বৰ নন্দই ক্ষোভ উজাৰে ৷ আনহাতে, আটছাৰ প্ৰাক্তন সভাপতি আৰু ডুমডুমা সমষ্টিৰ প্ৰাক্তন বিধায়ক দূৰ্গা ভূমিজে বিধায়ক ৰূপেশ গোৱালাই অসম চাহ মজদুৰ সংঘৰ দৰে আটছাকো নিঃশেষ কৰাৰ এক ষড়যন্ত্ৰ ৰটনা কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি বিধায়কগৰাকীক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হয় ৷ আধাৰশিলা অনুষ্ঠানত কেন্দ্ৰীয় পেট্ৰোলিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলী, লক্ষীমপুৰৰ সাংসদ প্ৰদান বৰুৱা, জিলা আয়ুক্ত আৰু অইল ইণ্ডিয়াৰ মুখ্য আৱসিক বিষয়া উপস্থিত থাকে ৷ কিন্তু তাৎপৰ্যপূৰ্ণভাৱে আটছাৰ কোনো নেতাক এই অনুষ্ঠানত আমন্ত্ৰণ জনোৱা নহ’ল ৷

লগতে পঢ়ক :বক্ৰ পথেৰে চাকৰি লোৱা 29 গৰাকী ৰাজপত্ৰিত বিষয়ালৈ এছ আই টিৰ জাননী

ABOUT THE AUTHOR

...view details