তিনিচুকীয়া,24 এপ্ৰিল: দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো ভয়াৱহ ৰূপত বৃদ্ধি পাইছে কৰ’ণা মহামাৰীৰ গণ সংক্ৰমণ ৷ দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ ইয়াৰ সমান্তৰালকৈ বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্ত ৰোগীৰ মৃত্যুৰ সংখ্যাও ৷
ক’ভিডত আক্ৰান্ত হৈ মৃত্যু বিহুৱতী ডলী গগৈৰ
শুকুৰবাৰে নিশা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু একালৰ শ্ৰেষ্ঠ বিহুৱতী ডলী গগৈৰ ৷ বিহুৱতী গগৈ তিনিচুকীয়াৰ বৰদলৈ নগৰ নিবাসী বিহুৱা, পেঁপা, ঢোল আৰু বাঁহীবাদক পুতুল গগৈৰ পত্নী ৷
প্ৰাপ্ত তথ্য অনুসৰি, শুকুৰবাৰে নিশা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু একালৰ শ্ৰেষ্ঠ বিহুৱতী ডলী গগৈৰ ৷ বিহুৱতী গগৈ তিনিচুকীয়াৰ বৰদলৈ নগৰ নিবাসী বিহুৱা, পেঁপা, ঢোল আৰু বাঁহীবাদক পুতুল গগৈৰ পত্নী ৷ মঙলবাৰে নিশা তিনিচুকীয়াৰ নিজ ঘৰৰ পৰা উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল মৃত ডলীক ৷ বিহুৱতী গৰাকীৰ মৃত্যুত শোকৰ ছাঁ পৰিছে তিনিচুকীয়াৰ লগতে ৰাজ্যৰ সাংস্কৃতিক মহলত ৷
লগতে পঢ়ক:অপহৃত তিনি কৰ্মচাৰীক মুক্তি দিবলৈ আহ্বান অ’এনজিচি কৰ্তৃপক্ষৰ