তিনিচুকীয়া, ১৬ জানুৱাৰী:চৰকাৰে দৰিদ্ৰ লোকসকলৰ সুবিধাৰ্থে ৰাজ্যত প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত নতুনকৈ সংযোজন কৰিছে ১০ লাখ ৭৩ হাজাৰ ৪৮৯খন ৰেচন কাৰ্ড । তাৰে ভিতৰত তিনিচুকীয়া জিলাৰ পৰা সন্নিৱিষ্ট হৈছে ৩৮ হাজাৰ ২৬৯ খন নতুন ৰেচন কাৰ্ড ৷ জিলাখনৰ এই কাৰ্ডৰ জৰিয়তে ১ লাখ ৭২ হাজাৰ লোকে লাভ কৰিব সুবিধা । আজি তিনিচুকীয়াৰ মানৱ কল্যাণ পূজা ভৱনত তিনিচুকীয়া জিলা প্ৰশাসনৰ তৰফৰ পৰা তিনিচুকীয়া বিধানসভা সমষ্টিৰ এই নতুন ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানৰ আয়োজন কৰা হয় ৷
গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত ৰেচন কাৰ্ড বিতৰণৰ এই অনুষ্ঠানত শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে উপস্থিত থাকি জিলা আয়ুক্ত স্বপ্নীল পালৰ সৈতে কাৰ্ডসমূহ বিতৰণ কৰে ৷ এই অনুষ্ঠানত তিনিচুকীয়া বিধানসভা সমষ্টিৰ ৭ হাজাৰ ৮৩৬ খন নতুন ৰেচন কাৰ্ড বিতৰণ কৰে । এই কাৰ্ডৰ জৰিয়তে ৩৩ হাজাৰ লোকে নতুনকৈ লাভ কৰিছে ৰেচন কাৰ্ডৰ অংশীদাৰিত্ব ৷