তিনিচুকীয়া, ২৭ জুন : দেশৰ নিৰ্বাচন আয়োগে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰাৰ পাচতেই উক্ত খচৰাৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তত ক্ৰিয়া-প্ৰতিক্ৰিয়া তথা প্ৰতিবাদ অব্যাহত আছে । তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত বুঢ়ীদিহিং মৌজাত নতুনকৈ বুঢ়ীদিহিং সমষ্টি গঠনৰ বাবে ৰাইজে দাবী উত্থাপন কৰিছে । বুঢ়ীদিহিং মৌজাৰ অধীনত থকা পঞ্চায়ত আৰু কাকপথাৰ উন্নয়ন খণ্ডক সাঙুৰি বুঢ়ীদিহিং সমষ্টি গঠনৰ দাবী জনাইছে বুঢ়ীদিহিং মৌজাৰ দল-সংগঠনৰ লগতে একাংশ ৰাইজে ।
ইতিমধ্যে ব্যাপক হাৰত জনমত গঠন কৰি জনস্বাক্ষৰ অভিযান আৰম্ভ কৰাৰ কথা উল্লেখ কৰিছে । নতুন সমষ্টি গঠনৰ দাবীৰে ৰাইজৰ মাজত প্ৰতিবাদী সভা, গণসমাবেশৰ আয়োজন কৰি জনমত গঠনৰ চেষ্টা কৰাৰ কথা উল্লেখ কৰিছে । উল্লেখযোগ্য যে নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাত মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত বুঢ়ীদিহিং মৌজাৰ কেইবাখনো পঞ্চায়ত ইতিমধ্যে ডিগবৈ সমষ্টিত অন্তৰ্ভুক্ত কৰা হৈছে ।
আনহাতে, ডুমডুমা সমষ্টিৰ গাভৰুভেটি গাঁও পঞ্চায়তৰ লগতে আন কেইবাখনো পঞ্চায়তো উক্ত খচৰাত ডিগবৈ সমষ্টিত অন্তৰ্ভুক্ত কৰা হৈছে । উক্ত খচৰাত মাৰ্ঘেৰিটা আৰু ডিগবৈ সমষ্টিৰ মুঠ ৮ খন পঞ্চায়ত ডিগবৈ সমষ্টিত অন্তৰ্ভুক্ত কৰা হৈছে ।