তিনিচুকীয়া , 13 মে':তিনিচুকীয়া জিলাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ অৱস্থা ক্ৰমাৎ শোচনীয় হৈ পৰিছে ৷ মুখ্যমন্ত্ৰীৰ গৃহ চহৰ চাবুৱাৰ পৰা তিনিচুকীয়া চহৰলৈকে 37 নং ৰাষ্ট্ৰীয় ঘাই পথছোৱা বিধ্বস্ত হৈ পৰাত দুৰ্ভোগ ভুগিবলগীয়া হৈছে জনসাধাৰণে ৷
বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথঃ হাৰাশাস্তিৰ সন্মুখীন তিনিচুকীয়াবাসী - 37নং ৰাষ্ট্ৰীয় ঘাইপথ
সদাব্যস্ত তিনিচুকীয়া চহৰৰ মাজেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় পথছোৱা ভাঙি বিধ্বস্ত হৈ পৰাত বাণিজ্যিক চহৰখনত ব্যাপক যানজঁটৰ সমস্যাৰ সৃষ্টি হৈছে ৷ ইপিনে জৰাজীৰ্ণ পথছোৱাক লৈ গড়কাপ্তানি বিভাগে নিৰ্বিকাৰ ভূমিকা পালন কৰি অহাৰ অভিযোগ উত্থাপিত কৰিছে হিন্দু ছাত্ৰ সন্থাই ৷
বিধস্ত 37নং ৰাষ্ট্ৰীয় ঘাইপথ
সদাব্যস্ত তিনিচুকীয়া চহৰৰ মাজেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় পথছোৱা ভাঙি বিধ্বস্ত হৈ পৰাত বাণিজ্যিক চহৰখনত ব্যাপক যানজঁটৰ সমস্যাৰ সৃষ্টি হৈছে ৷ ইপিনে জৰাজীৰ্ণ পথছোৱাক লৈ গড়কাপ্তানি বিভাগে নিৰ্বিকাৰ ভূমিকা পালন কৰি অহাৰ অভিযোগ উত্থাপিত কৰিছে হিন্দু ছাত্ৰ সন্থাই ৷ সেয়ে অতি শীঘ্ৰে বিধস্ত ৰাষ্ট্ৰীয় ঘাইপথতো মেৰামতি নকৰিলে হিন্দু ছাত্ৰ সন্থাই আন্দোলনৰ হুংকাৰ দিয়ে ৷