তিনিচুকীয়া, 31 ডিচেম্বৰ: "মন্ত্ৰী অতুল বৰা এজন কাম নাইকিয়া তথা এলেহুৱা মন্ত্ৰী ৷ পশুপালন আৰু পশুচিকিৎসা বিভাগৰ দায়িত্বত থকা মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই কমিচনৰ অংক পাই নেকি ? ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কমিচনৰ অংক পাই নেকি ? স্থানীয় বিধায়ক ৰূপেশ গোৱালাৰ লগত কিবা গোপন বৈঠক বহে নেকি ?" এয়া আমি সোধা প্ৰশ্ন নহয় এয়া ফিল’বাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰশ্ন ৷ আচলতে কি কাৰণত এনেদৰে ছাত্ৰ সন্থাৰ নেতৃত্বই ক্ষোভ ব্যক্ত কৰিলে মন্ত্ৰী বিধায়কৰ ওপৰত, সেয়া জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷
'আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল' এই বাক্যশাৰীয়েই যেন আখৰে আখৰে পালন কৰিছে উন্নয়নৰ জয় গান গোৱা অসম চৰকাৰৰ পশু চিকিৎসা বিভাগৰ তিনিচুকীয়া জিলাৰ ফিল’বাৰী পশু চিকিৎসালয়খনে (Phillobari Veterinary hospital in Tinsukia) । তিনিচুকীয়া জিলাৰ বৃহত্তৰ ফিল’বাৰী অঞ্চলৰ প্ৰায় ৫০ খন গাঁৱৰ বাবে নিৰ্মাণ কৰা হৈছিল এখন পশু চিকিৎসালয় ৷ নাম ফিল’বাৰী পশু চিকিৎসালয় ৷ কিন্তু বৃহত্তৰ ফিল’বাৰী অঞ্চলৰ এই একমাত্ৰ পশু চিকিৎসালয়খন এতিয়া পৰ্যবসিত হৈছে জৰাজীৰ্ণ অৱস্থাত ৷
বৰ্তমান পশু বিভাগৰ হেমাহীত পয়া লগা অৱস্থালৈ পৰিণত হৈছে পশু চিকিৎসালয়খন (Dilapidated condition of Veterinary hospital) ৷ বৃহত্তৰ অঞ্চলটোৰ পশু চিকিৎসাৰ ক্ষেত্ৰত ৰাইজে নাপাই সুবিধা (Poor condition Veterinary hospital) ৷ সেয়া এই সন্দৰ্ভত পশুচিকিৎসা বিভাগৰ ওপৰত ক্ষোভ ব্যক্ত কৰিছে ফিল’বাৰী আঞ্চলিক ছাত্ৰ সন্থাই (Phillobari Regional Students Union) ৷