অসম

assam

ETV Bharat / state

চোৰাং তেলৰ মাফিয়া ভগৱানৰ গুদামত ডিগবৈ আৰক্ষীৰ অভিযান - চোৰাং তেলৰ মাফিয়া ভগৱানৰ গুদামত ডিগবৈ আৰক্ষীৰ অভিযান

ভগাৱনৰ চোৰাং তেলৰ গুদামত এক অভিযাৱন চলাই আৰক্ষী বিষয়া পাৰ্থ প্ৰতীম দাসৰ নেতৃত্বত ডিগবৈ আৰক্ষীয়ে ৷ অভিযানত জব্দ কৰে এখন তেলৰ টেংকাৰ ৷

smuggling oil
চোৰাং তেলৰ মাফিয়া ভগৱানৰ গুদামত ডিগবৈ আৰক্ষীৰ অভিযান

By

Published : Jul 21, 2021, 10:10 PM IST

তিনিচুকীয়া, 21 জুলাই:উজনি অসমত চোৰাং তেলৰ বেহা বৰ্তমান সময়ত নতুন নহয় ৷ বিভিন্ন সময়ত চোৰাং তেলৰ ব্যৱসায়ৰ বহু তথ্য পোহৰলৈ আহে ৷ কেইবাটাও সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, উজনি অসমৰ বিশেষকৈ তিনিচুকীয়া জিলাৰ ডিগবৈ, মাৰ্ঘেৰিটাৰ লগতে ডিব্ৰুগড় জিলাৰ ভিন্ন ঠাইত চোৰাং তেলৰ এখন বৃহৎ বজাৰ আছে ৷

চোৰাং তেলৰ মাফিয়া ভগৱানৰ গুদামত ডিগবৈ আৰক্ষীৰ অভিযান

ডিগবৈ আৰক্ষীৰ এক শেহতীয়া অভিযানৰ পাচতে চোৰাং তেলৰ বেহা যে অব্যাহত আছে সেই কথা স্পষ্ট হৈ পৰিল ৷ শেহতীয়াকৈ ডিগবৈ আৰক্ষীয়ে চোৰাং তেলৰ বিৰুদ্ধে এক অভিযান চলাই ৷ ডিগবৈৰ পাৱৈৰ ৩৮ নং ৰাষ্ট্ৰীয় পথৰ সমীপৰ কুখ্যাত চোৰাং তেলৰ মাফিয়া ভগৱান শ্বাহৰ তেলৰ ঘাটিত এই অভিযান চলোৱা হৈছিল ৷

মহকুমা আৰক্ষী বিষয়া পাৰ্থ প্ৰতীম দাস আৰু ডিগবৈ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অশোক কুমাৰ দাসৰ নেতৃত্বত চলোৱা হয় এই অভিযান । অভিযানত ২৩০ লিটাৰ ডিজেল আৰু তেল চুৰ কৰা বিভিন্ন সামগ্ৰী জব্দ কৰা হয় । ইয়াৰ লগতে বৃহৎ পৰিমাণৰ বিলাতী সুৰাৰ বটলো আৰক্ষীয়ে জব্দ কৰে ৷

আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, মাফিয়া ভগৱানৰ গুদামৰ পৰা এখন তেলৰ টেংকাৰো জব্দ কৰে আৰক্ষীয়ে ৷ টেংকাৰখনৰ নম্বৰ হৈছে AS-23BC-0485 ৷ অভিযানত চোৰাং তেলৰ মাফিয়া ভগৱান শ্বাহক আটক কৰিবলৈ সক্ষম নহয় যদিও ভগৱানৰ পিতৃ নাগিনা শ্বাহক আটক কৰা হয় বুলি জানিবলৈ দিছে ডিগবৈ আৰক্ষীয়ে ৷

উল্লেখ্য যে, ডিগবৈ IOC ৰ টাৰ্মিনেলৰ পৰা যোৱা তেল ভৰ্তি বেংকাৰে ভগৱানৰ তেলৰ ঘাটিত সোমাই তেল কাটি থৈ যায় । বছৰ বছৰ ধৰি ভগৱানে এনেদৰে তেলৰ চোৰাং বেহা চলাই আহিছিল বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ বৰ্তমান চোৰাং তেলৰ সন্দৰ্ভত অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে ডিগবৈ আৰক্ষীয়ে ৷

লগতে পঢ়ক: এমেনষ্টি ইণ্টাৰনেশ্যনেলক ভাৰতত নিষিদ্ধ কৰাৰ দাবী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ABOUT THE AUTHOR

...view details