তিনিচুকীয়া, ৯ জুন : দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকুত ধূলি দি থকাৰ পাচত ডিগবৈ আৰক্ষীৰ জালত পৰিল গগন ভূঞা (Oil thief accused Gagan Bhuyan)৷ কুখ্যাত তেলচোৰ হিচাবে পৰিচিত গগন ভূঞাক বৃহস্পতিবাৰে ডিগবৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে, ডিগবৈ-দুলীয়াজান পথৰ কাষৰ বৰজানস্থিত গগনৰ বাসগৃহৰ কাষতে থকা এটা চোৰাং তেলৰ গুদামত ডিগবৈ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিব্যজ্যোতি দত্তৰ নেতৃত্বত চোলাৱা হৈছিল এক অভিযান ৷
এই অভিযানতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তেলচোৰৰ অভিযোগত অভিযুক্ত গগনক । জানিব পৰা মতে, এই অভিযান কালত ডিগবৈ আৰক্ষীয়ে গগনৰ গুদামৰ পৰা ২ হাজাৰ লিটাৰ কণ্ডেনচেট, কেইবাটাও ড্ৰাম, তেল চুৰি কাৰ্যত ব্যৱহৃত সামগ্ৰী আৰু এচ ২৩ ডব্লিউ ৮৮২৫ নম্বৰৰ বগা ৰঙৰ এখন ইঅন গাড়ী জব্দ কৰিবলৈ সক্ষম হয় (Digboi police arrested Oil thief Gagan Bhuyan) ।
উল্লেখ্য যে, অভিযুক্ত তেলচোৰ গগনে দীৰ্ঘদিন ধৰি বিভিন্ন কৌশলেৰে অইলৰ তেল চুৰি কৰি আহিছিল । জাগুন, অৰুণাচলৰ দাঁতি কাষৰীয়া বিভিন্ন অঞ্চলত হাজাৰ হাজাৰ লিটাৰ চুৰি তেল যোগান ধৰি এখন বৃহৎ চোৰাং তেলৰ বজাৰ চলাই আছিল গগনে । কিন্তু মুকলিকৈ এনেদৰে তেলৰ চোৰাং ব্যৱসায় চলাই থকাৰ পাচতো গগনক অইল ইণ্ডিয়া লিমিটেডৰ নিৰাপত্তাৰক্ষীয়ে আটক কৰিবলৈ সক্ষম নোহোৱাত ৰহস্যৰ সৃষ্টি হৈছে ।