অসম

assam

ETV Bharat / state

7000 পৰিয়ালক চাউল বিতৰণ ডিগবৈৰ বিধায়কৰ - Suren phukan rice distribution at doom dooma

চামদাঙত প্ৰায় 7000 পৰিয়ালৰ মাজত ব্যক্তিগতভাৱে ১৫০ পেকেট চাউল আৰু পঞ্চায়তৰ ফালৰ পৰা অহা চাউলখিনি নিজে বিতৰণ কৰে বিধায়ক সুৰেন ফুকনে ৷

ডুমডুমাৰ চামদাঙৰ 7000 পৰিয়ালক চাউল বিতৰণ ডিগবৈৰ বিধায়কৰ
ডুমডুমাৰ চামদাঙৰ 7000 পৰিয়ালক চাউল বিতৰণ ডিগবৈৰ বিধায়কৰ

By

Published : May 4, 2020, 1:56 PM IST

ডুমডুমা, 4 মে : তৃতীয় পৰ্যায়ৰ লক্​ ডাউনৰ মাজতে সোমবাৰে ডিগবৈ সমষ্টিৰ অন্তৰ্গত চামদাঙত উপস্থিত হয় বিধায়ক সুৰেন ফুকন । অঞ্চলটোৰ প্ৰায় 7000 পৰিয়ালৰ মাজত ব্যক্তিগতভাৱে ১৫০ পেকেট চাউল আৰু পঞ্চায়তৰ ফালৰ পৰা অহা চাউলখিনি নিজে বিতৰণ কৰে বিধায়কগৰাকীয়ে । দৈন্যসকলৰ বাবে অহা সামগ্ৰীৰ সৈতে যাতে কোনো ধৰণৰ দুৰ্নীতি নহয় তাৰ বাবে নিজেই সামগ্ৰী বিতৰণ কৰিবলৈ অহা বুলি অৱগত কৰে সুৰেন ফুকনে ৷ ইয়াৰ পূৰ্বেও ডিগবৈ সমষ্টিৰ 11 খন গাঁও পঞ্চায়ত আৰু দুখন নগৰ সমিতিৰ অন্তৰ্গত দৰিদ্ৰ শ্ৰেণীৰ সকলো লোককে নিজ হাতেৰে খাদ্য সামগ্ৰীৰ টোপোলা আগবঢ়াইছিল বিধায়কগৰাকীয়ে ।

ডুমডুমাৰ চামদাঙৰ 7000 পৰিয়ালক চাউল বিতৰণ ডিগবৈৰ বিধায়কৰ

ABOUT THE AUTHOR

...view details