অসম

assam

ETV Bharat / state

টিংৰাই কাণ্ডত জড়িত দুৰ্বৃত্তৰ সন্ধান দিওতালৈ 2 লাখ টকাৰ পুৰস্কাৰ ঘোষণা

টিংৰাই গ্ৰেণেড বিস্ফোৰণত জড়িত দুজন সন্দেহজনক বাইক আৰোহীৰ ফটো প্ৰকাশ কৰিছে তিনিচুকীয়া আৰক্ষীয়ে । দুৰ্বৃত্তৰ সন্ধান দিওতালৈ 2 লাখ টকাৰ পুৰস্কাৰো ঘোষণা কৰিছে আৰক্ষীয়ে ৷

By

Published : May 16, 2021, 4:22 PM IST

Digboi bomb blast case update
টিংৰাই কাণ্ডত জড়িত দুৰ্বৃত্তৰ সন্ধান দিওঁতালৈ 2 লাখ টকাৰ পুৰস্কাৰ ঘোষণা

তিনিচুকীয়া, 16 মে’:ডিগবৈ টিংৰাই বজাৰত যোৱা ১৪ মে’ত সংঘটিত গ্ৰেণেড বিস্ফোৰণ জড়িত দুজন সন্দেহজনক বাইক আৰোহীৰ ফটো প্ৰকাশ কৰিছে তিনিচুকীয়া আৰক্ষীয়ে । দুৰ্বৃত্ত দুজনৰ ফটো প্ৰকাশ কৰি সন্ধান দিওতালৈ দুই লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা কৰিছে আৰক্ষীয়ে । বাইক আৰোহীৰ ফটো তিনিচুকীয়া আৰক্ষীয়ে চিচিটিভি ফুটেজৰ পৰা সংগ্ৰহ কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে ।

টিংৰাই কাণ্ডত জড়িত দুৰ্বৃত্তৰ সন্ধান দিওঁতালৈ 2 লাখ টকাৰ পুৰস্কাৰ ঘোষণা

কোনো লোকে যদি দুৰ্বৃত্ত দুজনৰ তথ্য আগবঢ়াব বিচাৰে তেন্তে ৮৬৩৮০১৮৯৬৫ নম্বৰত ফোন অথবা হোৱাটচআপ কৰিব পাৰিব বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে । তদুপৰি দুৰ্বৃত্তৰ তথ্য আগবঢ়োৱা লোকৰ পৰিচয় সম্পূৰ্ণ গোপনে ৰখা হ’ব বুলিও জনাইছে আৰক্ষীয়ে ।

টিংৰাই কাণ্ডত জড়িত দুৰ্বৃত্তৰ সন্ধান দিওঁতালৈ 2 লাখ টকাৰ পুৰস্কাৰ ঘোষণা

উল্লেখ্য যে, তিনিচুকীয়া জিলাৰ ডিগবৈ টিংৰাই বজাৰত শুকুৰবাৰে সংঘটিত গ্ৰেণেড বিস্ফোৰণত দুজন লোকে প্ৰাণ হেৰুৱাইছিল । শনিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গ্ৰেনেড বিস্ফোৰণৰ ঠাই পৰ্যবেক্ষণ কৰি মৃত দুই পৰিয়াললৈ 5 লাখ টকাকৈ দিয়াৰ কথা ঘোষণা কৰে ।

আনহাতে, ডিগবৈ টিংৰাই বজাৰত সংঘটিত হোৱা বিস্ফোৰণত জড়িত থকা সন্দেহত নাজিৰাটিং তামুলী বনগাঁৱৰ দ্বীপেন শইকীয়া নামৰ এজন 28 বছৰীয়া যুৱকক আটক কৰি আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: টিংৰাই বিস্ফোৰণত জড়িত থকা সন্দেহত এজনক আটক

ABOUT THE AUTHOR

...view details