তিনিচুকীয়া,17 নৱেম্বৰঃঅসম চৰকাৰে ঘোষণা কৰা ‘অসম দৰ্শন’আঁচনিৰ পুঁজিৰে ৰাজ্যত বহু নামঘৰৰ পুনৰ নিৰ্মাণ তথা মেৰামতি আৰম্ভ কৰিছে । প্ৰায় ২.৫ লাখ টকাকৈ আগবঢ়াইছে এই আঁচনিৰ অধিনত । ডিগবৈ সমষ্টিৰ ৮৩ টা নামঘৰৰ ভিতৰত ৩৫টা নামঘৰৰ আধাৰশিলা ইতিমধ্যে সমাপ্ত কৰিছে বিধায়ক সুৰেণ ফুকনদেৱে ।
মংগলবাৰে বৰবিল গাঁও পঞ্চায়তৰ অন্তৰ্গত একেদিনাই ৭ টা নামঘৰৰ আধাৰশিলা কৰি পুনৰবাৰ কৰ্মযোগী হিচাপে পৰিচয় দাঙি ধৰিলে ১২৩ নং বিধান সভা সমষ্টিৰ বিধায়ক সুৰেণ ফুকন দেৱে । মংগলবাৰে আধাৰশিলা কৰে ৰামনগৰ ৰংপুৰ নামঘৰ,৩ নং বৰবিল আদৰ্শ নামঘৰ,বৰবিল বিষ্ণুপুৰ নামঘৰ,বালিজান প্ৰসিদ্ধ গুৰু নামঘৰ,একশৰণ ভাগৱতী সমাজ নামঘৰ,বালিজান শংকৰ গুৰু নামঘৰ আৰু টিপাম নামঘৰ ৷