ৰাজ্যত পুনৰ শিক্ষকৰ দ্বাৰা ছাত্ৰীক নিৰ্যাতনৰ ঘটনা - বলাৎকাৰ
নিজৰ কাৰ্যালয়লৈ মাতি নি প্ৰধান শিক্ষকে বলাৎকাৰৰ চেষ্টা চলালে বিশেষভাৱে সক্ষম ছাত্ৰীক ৷ প্ৰধান শিক্ষক গোলাপ মৰাণক শাস্তিৰ দাবীত স্থানীয় ৰাইজৰ থানা ঘেৰাও ৷
![ৰাজ্যত পুনৰ শিক্ষকৰ দ্বাৰা ছাত্ৰীক নিৰ্যাতনৰ ঘটনা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4227958-thumbnail-3x2-sadia.jpg)
শদিয়া, 24 আগষ্টঃ এগৰাকী চতুৰ্থ শ্ৰেণীৰ বিশেষভাৱে সক্ষম ছাত্ৰীক যৌন নিৰ্যাতন কৰাৰ প্ৰতিবাদত শনিবাৰে টঙনা থানা ঘেৰাও কৰে স্থানীয় ৰাইজে ৷ তথ্য অনুসৰি, যোৱা ২১ আগষ্টত চত্তেটিং প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গোলাপ মৰাণে এগৰাকী ছাত্ৰীক বিদ্যালয়ৰ প্ৰাৰ্থনাৰ সময়ত কাৰ্যালয়লৈ মাতি নি বলাৎকাৰ কৰিবলৈ চেষ্টা চলাইছিল ৷ উপায়ন্তৰ হৈ প্ৰধান শিক্ষকৰ ৰুমৰ পৰা পলায়ন কৰিবলৈ বাধ্য হয় ছাত্ৰী গৰাকী ৷ উল্লেখযোগ্য যে, আগৰে পৰা প্ৰধান শিক্ষকজনে ছাত্ৰীগৰাকীৰ লগত এনে ব্যৱহাৰ কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰী গৰাকীৰ পিতৃ-মাতৃয়ে ৷ ছাত্ৰী গৰাকীৰ এজাহাৰ ভিত্তিত ইতিমধ্যে টঙনা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শিক্ষক গোলাপ মৰাণক ৷ এজন প্ৰধান শিক্ষকৰ এনে কাৰ্যই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে শিক্ষকজনক চাকৰিৰ পৰা নিলম্বিত কৰি উচিত শাস্তি প্ৰদানৰ দাবীত টঙনা থানা ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে ৷