তিনিচুকীয়া, 31 মাৰ্চ :চোৰাংকৈ তেল সৰবৰাহ কৰা চক্ৰৰ বিৰুদ্ধে ডিগবৈ আৰক্ষীয়ে বৃহস্পতিবাৰে অভিযান চলাই লাভ কৰে বৃহৎ সফলতা । ডিগবৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিব্যজ্যোতি দত্তৰ নেতৃত্বত এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই ডিগবৈ অইল ফিল্ডৰ সুৰক্ষিত এলেকাধীন খাৰচাং পইণ্টত ৰখাই থোৱা অৱস্থাত চোৰাংভাৱে খাৰুৱা তেল সৰবৰাহ কৰা পাঁচখন টেংকাৰ আৰু এখন বলেৰ' গাড়ী জব্দ কৰিবলৈ সক্ষম হয় অভিযানকাৰী আৰক্ষীৰ দলে । ঘটনা সন্দৰ্ভত মুঠ ১২ জন লোকক আটক কৰে আৰক্ষীয়ে (Digboi Police busted oil pilferage racket) ।
জব্দ কৰা টেংকাৰ কেইখনৰ নম্বৰ ক্ৰমে - এ এচ 08 এ চি 2603, এ এচ 01 এল চি 5552, এ এচ 25 ই চি 5597, এ এচ 06 বিচি 8336 আৰু এ এচ 01 জে চি 2495 । টেংকাৰ কেইখনে অইলৰ ক্ৰুড অইল কঢ়িয়াই আনিছিল বুলি আৰক্ষী সূত্ৰত প্ৰকাশ । এই সন্দৰ্ভত ডিগবৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিব্যজ্যোতি দত্তই জানিবলৈ দিয়া মতে, টেংকাৰকেইখনে শিৱসাগৰৰ আমগুৰিৰ পৰা ক্ৰুড অইলখিনি টেংকাৰৰ জৰিয়তে ডিগবৈলৈ কঢ়িয়াই আনিছিল । কিন্তু অসাধু চক্ৰটোৱে ক্ৰুড অইলখিনি চাবুৱাৰ পাইন উড নামৰ ধাবাখনত বিক্ৰী কৰি টেংকাৰকেইখনত পানী ভৰাই ডিগবৈ পায়হি । অইলৰ টেংকাৰ ৰখাই থোৱা খাৰচাং পইণ্টত টেংকাৰকেইখনৰ পৰা পানী উলিয়াই থাকোতেই আৰক্ষীৰ অভিযানকাৰী দলটোৱে অভিযান চলা়ই টেংকাৰকেইখনৰ লগতে এখন বলেৰ' গাড়ী জব্দ কৰিবলৈ সক্ষম হয় (Oil racket in Assam)।
আৰক্ষীয়ে আটক কৰা লোককেইজন ক্ৰমে - টিংখাঙৰ জ্যোতিষ্মান সোণোৱাল, নৱজ্যোতি সন্দিকৈ, দিপজ্যোতি চুতীয়া, শিৱসাগৰৰ দিপজ্যোতি বৰগোহাঁই, অভিনন্দন ৰজক, লক্ষীমপুৰৰ দিলীপ বৰুৱা, তিতাবৰৰ মণ্টু চুতীয়া, টিয়কৰ পৱন গগৈ, গোলাঘাটৰ পুলিন কোঁৱৰ, চৰাইদেউৰ মন্টু শইকীয়া আৰু বিহাৰৰ প্ৰমোদ কুমাৰ বুলি আৰক্ষী সূত্ৰত প্ৰকাশ । অন্যহাতে, বলেৰ’খনৰ পৰা আটক কৰা দুজন লোকৰ ভিতৰত এজন অইল মেক্স নামৰ কোম্পানীটোৰ মেনেজাৰ আৰু আনজন সুৰক্ষা বাহিনীৰ জোৱান বুলি আৰক্ষীয়ে সন্দেহ কৰিছে (12 oil theft arrested in Digboi )।