অসম

assam

ETV Bharat / state

দিয়ামুলীত অনিৰ্দিষ্টকালীন অইল বন্ধ ঘোষণা - অইল বন্ধ ঘোষণা

অইলে দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগত দিয়ামুলী চাহ বাগিচাৰ ৰাইজে অঞ্চলটোত অইলৰ কামকাজ বন্ধ ৰখাৰ হুংকাৰ দিয়ে ৷

Diamuli Tea Estate labour protest against Oil
দিয়ামুলীত অনিৰ্দিষ্টকালীন অইল বন্ধ ঘোষণা

By

Published : Sep 30, 2021, 4:40 PM IST

শদিয়া, 30 ছেপ্টেম্বৰ : অইলৰ বিৰুদ্ধে বৃহস্পতিবাৰে অনিদিষ্টকালীন বন্ধ ঘোষণা কৰিছে তিনিচুকীয়া জিলাৰ দিয়ামুলী চাহ বাগিচা অঞ্চলৰ ৰাইজে ৷ ২০১৯ চনতে দিয়ামুলীত অইলে পাইপ লাইনৰ কাম আৰম্ভ কৰাৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগত দিয়ামুলী চাহ বাগিচাৰ ৰাইজে অঞ্চলটোত অইলৰ কামকাজ বন্ধ ৰখাৰ হুংকাৰ দিয়ে ৷

দিয়ামুলীত অনিৰ্দিষ্টকালীন অইল বন্ধ ঘোষণা

দিয়ামুলী চাহ বাগিচাত অইলে পাইপ লাইনৰ কাম আৰম্ভ কৰাৰ সময়ত অঞ্চলটোৰ পথ, বিদ্যালয় গৃহ আদি নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু বিগত দুই বছৰে অইলে দিয়া প্ৰতিশ্ৰুতি বাস্তৱত ৰূপায়িত নকৰাত ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী ৷ যাৰবাবে বন্ধৰ দৰে কাৰ্যসূচী ল’বলৈ বাধ্য হোৱা হৈছে অঞ্চলটোৰ স্থানীয় ৰাইজ ৷ দিয়ামুলী চাহ বাগিচাৰ প্ৰায় ২২ বিঘা চাহ বাগিচা উচ্ছেদ কৰি অইল ইণ্ডিয়াই খনন কাৰ্যও আৰম্ভ কৰিছিল ৷ এই সন্দৰ্ভত মত প্ৰকাশ কৰে দিয়ামুলী বাগিচাৰ ৰাইজে ৷

অইল ইণ্ডিয়াই দিয়ামুলীবাসীক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা নকৰা পৰ্যন্ত তেওঁলোকৰ বন্ধ কাৰ্যসূচী অব্যাহত থাকিব বুলি স্পষ্ট কৰি দিয়ে দিয়ামুলী চাহ বাগিচাৰ ৰাইজে ৷ উল্লেখ্য যে, ২২ ছেপ্টেম্বৰত স্থানীয় ৰাইজৰ লগতে দিয়ামুলী বাগিচাৰ শ্ৰমিক সংগঠনে তিনিচুকীয়া জিলা উপায়ুক্তক এই সন্দৰ্ভত এখন দাবী সম্বলীত স্মাৰক পত্ৰ প্ৰদান কৰিছিল ৷

লগতে পঢ়ক :কেবিনেট বৈঠকৰ বাবে ধেমাজিত মুখ্যমন্ত্ৰী : কেইবাটাও প্ৰকল্প মুকলি

ABOUT THE AUTHOR

...view details