শদিয়াত প্ৰীতিভোজ খাবলৈ যোৱা তিনি বিজেপি নেতাক ক'লা পতাকা প্ৰদৰ্শন - কা প্ৰতিবাদ
ঢলা-শদিয়াৰ ড° ভূপেন হাজৰিকা সেতুলৈ যোৱা পথৰ লাফাংকুলা চাৰিআলিত পথৰ দুয়োকাষে সংগঠনকেইটাৰ সদস্যৰ লগতে ৰাইজে হাতত ক'লা পতাকা লৈ নাগৰিকত্ব (সংশোধনী) আইন তথা চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গান দিয়া পৰিলক্ষিত হ'য়।

কাকপথাৰ, 20 জানুৱাৰীঃ ঢলা-শদিয়াৰ ড° ভূপেন হাজৰিকা সেতুৰ কাষত প্ৰীতিভোজ খাৱলৈ আহি ক'লা পতাকাৰ সন্মূখীন হ'ল অসম পৰ্যটন বিভাগৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, লখিমপুল লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাৰ লগতে শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়া । আছু, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, চাহ জনজাতি ছাত্ৰ সন্থা, আধিবাসী ছাত্ৰ সন্থা, টাই আহোম ছাত্ৰ সন্থা, কলিতা ছাত্ৰ সন্থাৰ লগতে বহুসংখ্যক ৰাইজে এই তিনি বি.জে.পি. নেতাক দেখুৱালে ক'লা পতাকা । ঢলা-শদিয়াৰ ড° ভূপেন হাজৰিকা সেতুলৈ যোৱা পথৰ লাফাংকুলা চাৰিআলিত পথৰ দুয়োকাষে সংগঠনকেইটাৰ সদস্যৰ লগতে ৰাইজে হাতত ক'লা পতাকা লৈ নাগৰিকত্ব (সংশোধনী) আইন তথা চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গান দিয়া পৰিলক্ষিত হ'য় ।