শদিয়া,১৯ আগষ্ট :ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে ড্ৰাগছ (Drugs) তথা নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অসম আৰক্ষীৰ (Assam Police) অভিযান । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma) নিৰ্দেশমৰ্মে ইতিমধ্যে অসম আৰক্ষীয়ে লাখ লাখ টকাৰ ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্য জব্দ কৰি সেইবোৰ ধ্বংস কৰি দিছে । আনহাতে বহু সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । তথাপিও একাংশ দুষ্টচক্ৰই নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহ অব্যাহত ৰাখিছে ।
অৱশ্যে ৰাজ্যজুৰি আৰক্ষীয়ে এই ক্ষেত্ৰত কঠোৰ দৃষ্টি ৰাখিছে । বিভিন্ন জিলাৰ লগতে তিনিচুকীয়া জিলাতো চলিছে আৰক্ষীৰ অভিযান । এই অভিযানৰ সময়তেধলা আৰক্ষীৰ জালত পৰে তিনিজন ড্ৰাগছ সৰবৰাহকাৰী (Drugs Peddler) । গোপন সূত্ৰৰ ভিত্তিত ধলা আৰক্ষীয়ে শদিয়াৰ ড° ভূপেন হাজৰিকা সেঁতুত তালাচী চলাইছিল ।