তিনিচুকীয়াৰ মামৰণী গাঁৱত মৰাণ জনগোষ্ঠীৰ ধৰ্ম হুঁচৰি তিনিচুকীয়া, 29 এপ্ৰিল:ৰাজ্যৰ চৌদিশে এতিয়াও অব্যাহত আছে ৰঙালীৰ আনন্দ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত উলহ-মালহেৰে বিহু উদযাপন কৰাৰ লগতে নিজস্ব ৰীতি-নীতি আৰু পৰম্পৰাৰে অসমৰ বিভিন্ন জনগোষ্ঠীৰ লোকসকলেও পালন কৰিছে বিহু ৷ তিনিচুকীয়াত কৰ্মব্যস্ততাৰ মাজতে উলহ-মালহেৰে বিহু উদযাপন কৰিছে মৰাণ জনগোষ্ঠীৰ লোকসকলে ৷ তিনিচুকীয়াৰ মামৰণী গাঁৱত মৰাণ জনগোষ্ঠীৰ ধৰ্ম হুঁচৰিৰে উৰুৱা হয় বিহু (Rangali Bihu Celebration in Assam) ৷
অসমৰ অন্যতম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠী ৷ মৰাণ জনগোষ্ঠীৰ লোকসকলৰ আছে সুকীয়া কলা-সংস্কৃতি ৷ মৰাণ জনগোষ্ঠীৰ লোকসকলৰ ধৰ্ম হুঁচৰিৰ আছে এক সুকীয়া মাত্ৰা ৷ সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতি, পৰম্পৰাৰে মৰাণ জনগোষ্ঠীৰ লোকসকলে ধৰ্ম হুঁচৰি পৰিৱেশন কৰে ৷ ধৰ্ম হুঁচৰিত অগাধ আধ্যাত্মিক শক্তি থকাৰ বাবে মৰাণ জনগোষ্ঠীয় লোকসকলে অত্যন্ত শ্ৰদ্ধা আৰু ভক্তিৰে অতীজৰে পৰা পৰিৱেশন কৰি আহিছে এই বিহু ৷ ডেকাসকলে সাত বছৰ অথবা দহ বছৰৰ মূৰে মূৰে পৰিৱেশন কৰে এই ধৰ্ম হুঁচৰি (Moran Tribes Celebrates Bihu in Tinsukia) ৷
চলিত বৰ্ষত তিনিচুকীয়া জিলাৰ শ্ৰী শ্ৰী মায়ামৰা ৰূপহী সত্ৰৰ শিষ্যসকলে মামৰণী গাঁৱত গৃহস্থৰ চোতালে চোতালে ধৰ্ম হুঁচৰি পৰিৱেশন কৰি গৃহস্থক আশীৰ্বাদ প্ৰদান কৰে ৷ তাৰ পাচতে শুক্ৰবাৰে ৰূপহী সত্ৰত সত্ৰাধিকাৰৰ উপস্থিতিত ধৰ্ম হুঁচৰি উৰুৱাই বিহুৱাসকলে (Moran Bihu in Tinsukia) ৷
গুৰুৰ অনুমতি লৈ পুনৰ ২০৩০ চনত ডেকাসকলে পৰিৱেশন কৰিব ধৰ্ম হুঁচৰি ৷ উল্লেখযোগ্য যে, ধৰ্ম হুঁচৰি মৰাৰ দিনকেইটাত হুঁচৰি মৰা ডেকাসকলে বহু ত্যাগ স্বীকাৰ কৰি এগৰাকী ভকতৰ দৰে নীতি-নিয়ম পালন কৰি বাহিৰৰ খাদ্য আৰু অখাদ্য ত্যাগ কৰাৰ সমান্তৰালভাৱে নাৰীৰ পৰা দূৰত অৱস্থান কৰি হুঁচৰি মাৰিব লগা হয় ৷ ধৰ্ম হুঁচৰিৰ সময়ত বহু দূৰদূৰণিৰ পৰা অতিথি আহি তেওঁলোকৰ বিভিন্ন সমস্যা সমাধানৰ বাবে ভক্তিভাৱেৰে টোপোলা আগবঢ়াই সেৱা গ্ৰহণ কৰে ৷ প্ৰচলিত বিশ্বাস অনুসৰি ধৰ্ম হুঁচৰিত আশীৰ্বাদ ল’লে প্ৰায়েই সমস্যাৰ সমাধান হোৱাৰ লগতে মনৰ আশা পূৰণ হয় (Moran tribes celebrate Bihu in Tinsukia) ৷
লগতে পঢ়ক:Municipal tax hike: অস্বাভাৱিক হাৰত পৌৰকৰ বৃদ্ধি: নাজিৰাত ৰাজহুৱা সভা