শদিয়া,6 জুন:শনিবাৰে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ডুমডুমা বন সংমণ্ডলৰ বন বিষয়া (DFO) গৰাকীয়ে গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে, বন বিষয়া ৰাজীৱ কুমাৰ দাসে কাকপথাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰাংগণত গছপুলি ৰোপণ কৰে ৷ প্ৰতিকুল বতৰৰ বাবে বহুলভাৱে কাৰ্যসূচী হাতত নোলোৱাৰ লগতে ভৱিষ্যতে বিদ্যালয়খনৰ চাৰিওকাষে গছপুলি ৰোপণ কৰা হ’ব বুলি জানিবলৈ দিয়ে বিষয়া গৰাকীয়ে ৷
ডুমডুমা বন সংমণ্ডলৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস পালন - forest officcer
শনিবাৰে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে সমগ্ৰ ৰাজ্যতে গছপুলি ৰোপণৰ কাৰ্যসূচী হাতত ল’লে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা প্ৰকৃতিপ্ৰেমী ৰাইজে ৷ ৰাজ্যৰ অইন প্ৰান্তৰ লগতে ডুমডুমাতো ডুমডুমা বন সংমণ্ডলৰ ডিএফঅ' গৰাকীয়ে গছপুলি ৰোপণ কাৰ্যসূচীত অংশ লয় ৷
ৰাজ্যবাসীৰ লগতে বন বিষয়াইয়ো অংশ ল’লে গছ পুলি ৰোপনত
গছপুলি ৰোপণ কাৰ্যসূচীত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী তথা কাকপথাৰ বনাঞ্চলিক কাৰ্যালয়ৰ বিষয়া, কৰ্মচাৰীসকল উপস্থিত থাকে ৷
লগতে পঢ়ক:পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে দিল্লীত যুৱ কংগ্ৰেছৰ(IYC) প্ৰতিবাদ
Last Updated : Jun 6, 2021, 9:46 AM IST