অসম

assam

ETV Bharat / state

ফিল'বাৰীত গোৰ্খাসকলৰ দেউচী উৰুৱা উৎসৱ উদযাপন - ফিল'বাৰীৰ বাতৰি

গোৰ্খা জনগোষ্ঠীৰ লোকসকলে পালন কৰি অহা উৎসৱসমূহৰ অন্যতম হ'ল তিহাৰ উৎসৱ ৷ তিহাৰৰ লগতে দেউচী উৰুৱা উৎসৱো পালন কৰা হয় ৷ তিনিচুকীয়াৰ ফিল'বাৰীতো উলহ-মালহেৰে পালন কৰা হয় দেউচী উৰুৱা উৎসৱ ৷

দেউচী উৰুৱা উৎসৱ উদযাপন

By

Published : Nov 13, 2019, 8:00 PM IST

ডুমডুমা, 13 নৱেম্বৰ: অসমত বসবাস কৰা গোৰ্খা জনগোষ্ঠীৰ লোকসকলে পালন কৰি অহা উৎসৱসমূহৰ অন্যতম হ'ল তিহাৰ উৎসৱ । তিহাৰৰ লগতে দেউচী উৰুৱা উৎসৱো পালন কৰা হয় । কাতি মাহৰ শুক্লা প্ৰতিপদৰ পৰা পূৰ্ণিমালৈকে গোৰ্খাসকলে এই উৎসৱ পালন কৰে ৷

দেউচী উৰুৱা উৎসৱ উদযাপন

তিহাৰত গাঁৱৰ ডেকা-গাভৰু লগ হৈ ঘৰে-ঘৰে গৈ দেউচী-ভৈলী পৰিৱেশন কৰে ৷ উক্তদিনটোত গাঁৱৰ ডেকা-বুঢ়া, যুৱক-যুৱতী লগ হৈ দেউচী উৰুৱা উৎসৱ পালন কৰে । অসমৰ অন্যতম গোৰ্খা জনবহুল ঠাই তিনিচুকীয়াৰ ফিল'বাৰীতো দেউচী উৰুৱা উৎসৱ উলহ-মালহেৰে পালন কৰা পৰিলক্ষিত হ'ল ।

গোৰ্খাসকলৰ দেউচী উৰুৱা উৎসৱ

ফিল'বাৰীৰ ৰংপুৰ ৰাজহুৱা খেলপথাৰত ভানুভক্ত যুৱক সংঘ আৰু ভানুপ্ৰিয়া মহিলা সমিতিৰ যৌথ উদ্যোগত অনুষ্ঠিত কৰা এই উৎসৱত জনগোষ্ঠীটোৰ দেউচী-ভৈলী, সংগীনি নৃত্য প্ৰদৰ্শন কৰা হয় ৷ লগতে চেল ৰুটি বা মালা ৰুটিৰে উপস্থিত সকলোকে আপ্যায়ন কৰা হয় । আগন্তুক বৰ্ষৰ বাবে গোৰ্খাসকলে দেউচী উৰুৱা উৎসৱৰ জৰিয়তে তিহাৰক বিদায় দিয়ে ।

লগতে পঢ়ক :ধৰ্মগ্ৰন্থৰ নামতো বেপাৰ চলে অসমত

ABOUT THE AUTHOR

...view details