অসম

assam

ETV Bharat / state

ৰূপাই টি. ই. হাইস্কুল প্ৰাদেশীকৰণৰ দাবী - ৰাজ্য চৰকাৰ

২০০৫ চনতেই স্থানীয় ৰাইজৰ প্ৰচেষ্টাত স্থাপন কৰা ডুমডুমাৰ ৰূপাই টি. ই. হাইস্কুলখন প্ৰাদেশীকৰণৰ বাবে স্থানীয় ৰাইজে বাৰম্বাৰ চৰকাৰক তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাই অহা স্বত্তেও বৰ্তমানলৈকে চৰকাৰে প্ৰাদেশীকৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে । এই সম্পৰ্কে সোমবাৰে বিদ্যালয়খনত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় ৷

demanding-for-provincialised-rupai-t-e-high-school
ৰূপাই টি. ই. হাইস্কুল প্ৰাদেশীকৰণৰ দাবী

By

Published : Oct 12, 2020, 9:20 PM IST

ডুমডুমা, 12 অক্টোবৰ: বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে অসমৰ চাহ বাগিছা সমূহত বসবাস কৰা লোকসকলক যে কেৱল নিৰ্বাচনৰ সময়ত ভোট আদায়ৰ বাবে ব্যৱহাৰ কৰি আহিছে সেই কথা চাহ বাগিছা অঞ্চলসমূহত পৰিস্ফুত হৈ পৰিছে । বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে বাগিছা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাৰ মান উন্নত কৰি তুলিবলৈ বাগিছা অঞ্চলসমূহত বিদ্যালয় স্থাপনৰ কথা ঘোষণা কৰিছিল । কিন্তু সেই ঘোষণা বৰ্তমান সময়লৈকে ঘোষণাতেই সীমাবদ্ধ হৈ ৰৈছে । আনকি বাগিছা অঞ্চলত চৰকাৰী সা-সুবিধা অবিহনে, বিনা বেতনে শিক্ষকতা কৰি অহা শিক্ষক সকলৰ ক্ষেত্ৰতো চৰকাৰে কোনোধৰণৰ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই ।

ৰূপাই টি. ই. হাইস্কুল প্ৰাদেশীকৰণৰ দাবী

২০০৫ চনতেই স্থানীয় ৰাইজৰ প্ৰচেষ্টাত স্থাপন কৰা ডুমডুমাৰ ৰূপাই টি. ই. হাইস্কুলখন প্ৰাদেশীকৰণৰ বাবে স্থানীয় ৰাইজে বাৰম্বাৰ চৰকাৰক তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাই অহা স্বত্তেও বৰ্তমানলৈকে চৰকাৰে প্ৰাদেশীকৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে । এই সম্পৰ্কে সোমবাৰে বিদ্যালয়খনত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় ৷ সভাত চৰকাৰে বাগিচা অঞ্চলত ১১৯ খন হাইস্কুল স্থাপনৰ যি ঘোষণা কৰিছে সেয়া কেৱলমাত্ৰ নিৰ্বাচনী চমকত পৰিণত নহৈ প্ৰকৃতাৰ্থত চাহ বাগিচাৰ শৈক্ষিক দিশ উন্নয়ণ কৰিবলৈ বিদ্যালয় স্থাপন কৰাৰ বাবে সভাই চৰকাৰক আহ্বান জনায় ৷

লগতে ৰূপাই টি. ই. হাইস্কুলখন প্ৰাদেশীকৰণ কৰি বিনা বেতনে ১৫ বছৰ ধৰি কৰ্মৰত বিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰী সকলৰ চাকৰি নিয়মীয়াকৰণ কৰিবলৈ দাবী জনায় ৰাইজে ।

লগতে পঢ়ক:চিৰিয়াখানাত গো-মাংস নিষিদ্ধকৰণক কেন্দ্ৰ কৰি প্ৰতিবাদ

ABOUT THE AUTHOR

...view details