তিনিচুকীয়া, ৮ ছেপ্তেম্বৰ:ৰাজ্য় চৰকাৰে শিক্ষা বিভাগক লৈ ঢাকঢোল বজোৱাৰ সময়তে এখন বিদ্য়ালয়ৰ এক পয়ালগা দৃশ্যই বিভাগটোৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে । এই বিদ্যালয়খন হৈছে তিনিচুকীয়া জিলাৰ কাকপথাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত বৰডুমচাৰ কুজুপথাৰ প্ৰাথমিক বিদ্যালয় । ১৯৫৩ চনতে প্ৰতিষ্ঠা লাভ কৰা কুজুপথাৰ প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী ৪১ গৰাকী আছে যদিও তাৰ বিপৰীতে নাই এগৰাকীও শিক্ষক । যিটো কাৰণে ৫ ছেপ্টেম্বৰ শিক্ষক দিৱসৰ দিনটোত শ্ৰদ্ধাৰ শিক্ষকলৈ বুলি ছাত্ৰ-ছাত্ৰীসকলে হাতত একোটি উপহাৰ লৈ আহিছিল যদিও নিৰাশ মনেৰে উভতিল ঘৰলৈ ৷ কিয়নো বিদ্যালয়লৈ নাহিল শিক্ষক ৷
স্থানীয় ৰাইজ তথা পৰিচালনা সমিতিয়ে উল্লেখ কৰা অনুসৰি, প্ৰায় দুমাহ পূৰ্বে কুজুপথাৰ প্ৰাথমিক বিদ্যালয়ত আছিল প্লাৱন দত্ত নামৰ এগৰাকী প্ৰধান শিক্ষক । প্লাৱন দত্ত বদলি হোৱাৰ পিছত কাকপথাৰ শিক্ষা খণ্ডই পুতুল গগৈ নামৰ এগৰাকী শিক্ষকক বিদ্যালয়খনত নিযুক্তি দিছিল । কিন্তু যোৱা ২০ আগষ্টৰ পৰাই বিদ্যালয়লৈ নাই যোৱা পুতুল গগৈ নামৰ শিক্ষকজন । ২০ আগষ্টত দিনৰ ১২ বজাত ছাত্ৰ-ছাত্ৰীক বিদ্যালয় ছুটী নিদিয়াকৈ ছাত্ৰ-ছাত্ৰীক অলপ পিছত ঘুৰি আহিম বুলি কোৱা পুতুল গগৈয়ে আজিলৈকে ঘুৰি নাহিল বিদ্যালয়লৈ ।