অসম

assam

By

Published : Sep 7, 2020, 12:16 PM IST

ETV Bharat / state

25 বছৰে প্ৰাদেশীকৰণ ন'হল কাকপথাৰৰ এখন কনিষ্ঠ মহাবিদ্যালয়

25 বছৰে অপ্ৰাদেশীকৃত হৈ ৰোৱা তিনিচুকীয়াৰ এখন কনিষ্ঠ মহাবিদ্যালয় ৷ প্ৰাদেশীকৃত হোৱাৰ সকলো থল থকাৰ পিচতো মহাবিদ্যালয়খন প্ৰাদেশীকৃত নোহোৱাৰ অভিযোগ স্থানীয় ৰাইজ তথা বিভিন্ন দল সংগঠনৰ ৷

Demand for immediate transfer of Kakopathar privet collage under state goverment
25 বছৰে প্ৰাদেশীকৰণ ন'হল কাকপথাৰৰ এখন কনিষ্ঠ মহাবিদ্যালয়

শদিয়া, 7 ছেপ্তেম্বৰ :তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱতী কাকপথাৰত বিগত 25 বছৰে অপ্ৰাদেশিকৃত হৈ ৰ'ল কাকপথাৰ কনিষ্ঠ মহাবিদ্যালয়খন ৷ 1995 চনতে কাকপথাৰ অঞ্চলৰ কেইজনমান সমাজকৰ্মীৰ উদ্যোগত গঢ় লৈ উঠা কনিষ্ঠ মহাবিদ্যালয়খনত সকলো সুবিধা থকাৰ পিচতো বছৰ বছৰ ধৰি অপ্ৰাদেশিকৃত হৈ ৰোৱাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে ৷

25 বছৰে প্ৰাদেশীকৰণ ন'হল কাকপথাৰৰ এখন কনিষ্ঠ মহাবিদ্যালয়

প্ৰায় 15 বিঘা মাটিৰে 1995 চনত স্থাপিত মহাবিদ্যালয়খন আজিকোপতি শিক্ষা বিভাগে প্ৰাদেশিকৃত নকৰাক লৈ অঞ্চলবাসী ৰাইজে বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰিছে ৷ কিন্তু কনিষ্ঠ মহাবিদ্যালয়খন স্থাপিত হোৱাৰ পিচত সেই অঞ্চলত স্থাপন হোৱা বহুতো বিদ্যালয়-মহাবিদ্যালয়ও প্ৰাদেশিকৃত হোৱা বুলিও ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে ৷

25 বছৰে প্ৰাদেশীকৰণ ন'হল কাকপথাৰৰ এখন কনিষ্ঠ মহাবিদ্যালয়

ইফালে, কনিষ্ঠ মহাবিদ্যালয়খন প্ৰাদেশিকৰণ কৰিবৰ বাবে শেহতীয়াকৈ চৰকাৰক হেঁচা প্ৰয়োগ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে মৰাণ ছাত্ৰ সন্থাই ৷ অনতিপলমে সংগঠন দুটাই মহাবিদ্যালয়খন প্ৰাদেশিকৃত কৰিবৰ বাবে আহ্বান জনাইছে অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে ৷

আনহাতে, কনিষ্ঠ মহাবিদ্যালয়খনৰ মাটিৰ এটা অংশ ভাৰতীয় সেনাই দখল কৰি থকা বুলিও ৰাইজে অভিযোগ প্ৰদান কৰিছে ৷ যাৰবাবে চৰকাৰে বেদখলমুক্ত মাটিখিন উচ্ছেদ কৰি মহাবিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ ঘুৰাই আনিবলৈ আহ্বান জনাইছে ৷

25 বছৰে প্ৰাদেশীকৰণ ন'হল কাকপথাৰৰ এখন কনিষ্ঠ মহাবিদ্যালয়

লগতে পঢ়ক : গৰিয়া বিলত সমূহীয়া মাছ ধৰা উৎসৱ

ABOUT THE AUTHOR

...view details