অসম

assam

By

Published : Sep 19, 2020, 10:20 PM IST

ETV Bharat / state

জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ দাবীত চুতীয়া ছাত্ৰ সন্থাৰ ৰাজ্যজুৰি প্ৰতিবাদ

তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, গোলাঘাট, ধেমাজি ,লক্ষিমপুৰ, মাজুলী, শিৱসাগৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী চুতীয়া ছাত্ৰ সন্থাৰ ।

Demand for autonomous council by sutia student union at tinsukia
জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত চুতীয়া ছাত্ৰ সন্থাৰ ৰাজ্যজুৰি প্ৰতিবাদ

তিনিচুকীয়া, 19 চেপ্তেম্বৰঃ সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ নিৰ্দেশ মৰ্মে শনিবাৰৰ দিনটোত প্ৰতিখন জিলা, মহকুমা সদৰত চুতীয়া ছাত্ৰ সন্থাই অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে । জনজাতিকৰণ আৰু শদিয়াকে ধৰি সমগ্ৰ চুতীয়া অধ্যুষিত অঞ্চলত ষষ্ঠ অনুসূচীৰ আধাৰত স্বায়ত্ব শাসন প্ৰদান কৰাৰ দাবীত তিনিচুকীয়াৰ ডুমডুমা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত 2 ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লয় তিনিচুকীয়া জিলা চুতীয়া ছাত্ৰ সন্থাই ।

জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত চুতীয়া ছাত্ৰ সন্থাৰ ৰাজ্যজুৰি প্ৰতিবাদ

উল্লেখ্যযোগ্য যে, 2021 নিৰ্বাচনৰ পূৰ্বে চুতীয়া জনগোষ্ঠীক জনজাতীয় মৰ্যাদা আৰু ষষ্ঠ অনুসূচীৰ আধাৰত স্বায়ত্ব শাসন প্ৰদান নকৰিলে বিজেপিৰ বিৰুদ্ধে জনমত গঠন কৰি 2021 চনত চুতীয়া সংখ্যা গৰিষ্ঠতা সমষ্টি সমূহৰ পৰা বিজেপিক উৎখাত কৰাৰ হুংকাৰ প্ৰদান কৰে চুতীয়া ছাত্ৰ সন্থাই । লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জনজাতীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰন ব্ৰহ্মক তীব্ৰ সমালোচনা কৰে সংগঠনটোৱে ।

লগতে পঢ়কঃসত্যৰঞ্জন বৰাৰ বিৰুদ্ধে নলবাৰীত এজাহাৰ দাখিল

ABOUT THE AUTHOR

...view details