অসম

assam

ETV Bharat / state

দা-লাঠি লৈ দিহিং পাটকাইৰ সুৰক্ষাত নিয়োজিত হৈছে বনকৰ্মী - Forest Minister Parimal Shuklavaidya

চৰকাৰী চাকৰিয়াল হ’লেও যেন দুৰ্বিসহ জীৱন কটাব লগীয়া হৈছে পূৱৰ আমাজন হিচাপে খ্যাত অসমৰ একমাত্ৰ বৰ্ষাৰণ্য দিহিং পাটকাইৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত হৈ থকা সুৰক্ষাকৰ্মীসকলে ৷ বনকৰ্মীৰ হাতত নাই অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ ৷ কাণষাৰ নাই বনবিভাগৰ ৷

বনকৰ্মীৰ হাতত বন্দুক অবিহনে দিহিং পাটকাইৰ সুৰক্ষা সম্ভৱ নে ?
বনকৰ্মীৰ হাতত বন্দুক অবিহনে দিহিং পাটকাইৰ সুৰক্ষা সম্ভৱ নে ?

By

Published : May 15, 2021, 7:44 PM IST

Updated : May 15, 2021, 10:02 PM IST

তিনিচুকীয়া,15 মে’:পূৱৰ আমাজন হিচাপে খ্যাত অসমৰ একমাত্ৰ বৰ্ষাৰণ্য দিহিং পাটকাইৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত হৈ আছে এইসকল সুৰক্ষাকৰ্মী ৷ কিন্তু চৰকাৰী চাকৰিয়াল হ’লেও যেন দুৰ্বিসহ জীৱন কটাব লগীয়া হৈছে এই বনকৰ্মীসকলে ৷ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ বাবে আছে চাৰিটাকৈ বন খণ্ড কাৰ্যালয় ৷ এই কাৰ্যালয় কেইটা হ’ল নগাঘাট, কঁঠালগুৰি, শুকানজুৰি আৰু দিল্লী ৷ কিন্তু ইয়াৰে অসম অৰুণাচল সীমান্তৰ কঁঠালগুৰি আৰু শুকানজুৰি খণ্ড কাৰ্যলয় কেইটাৰ অৱস্থা অতি শোচনীয় ।

দা-লাঠি লৈ দিহিং পাটকাইৰ সুৰক্ষাত নিয়োজিত হৈছে বনকৰ্মী

কাৰ্যক্ষম আন্তঃগাঁথনিৰ অভাৱ তথা বিয়াগোম বন বিভাগৰ অৱহেলাৰ বাবেই যমৰ-যাতনা ভুগিছে এই দুয়ো স্থানত কৰ্মৰত বনকৰ্মী সকলে । তেওঁলোকৰ প্ৰধান তথা মৌলিক সমস্যটোৱেই হৈছে খোৱা পানীৰ অভাৱ । কঁঠালগুৰি খণ্ড কার্যলয়ত নিয়োজিত বনকৰ্মী সকলে দীৰ্ঘদিনৰ পৰা এটুপি বিশুদ্ধ পানীৰ বাবে হাহাকাৰ কৰি আহিছে ৷ কাৰ্যালয়টোৰ এটা পকীকুঁৱা আছে যদিও অ-পৰিষ্কাৰ পানী সেৱন কৰি বিভিন্ন সময়ত ভিন্ন ৰোগত বনকৰ্মী সকলে ভুগি আহিছে । খৰালি পানী তৰাং হৈ পৰা কুঁৱাটোৰ ঘোলা পানী সেৱন কৰিব লগীয়াত পৰে ।

দা-লাঠি লৈ দিহিং পাটকাইৰ সুৰক্ষাত নিয়োজিত হৈছে বনকৰ্মী

একেদৰে শুকান জুৰি খণ্ড কাৰ্যলয়ৰ বন কৰ্মীসকলেও অৰুণাচলৰ সীমা অতিক্ৰমী নামচাং নৈৰ পৰা কঢ়িয়াব লগীয়াত পৰে খোৱা পানী । পৰিতাপৰ কথা যে ৰাষ্ট্ৰীয় উদ্যানখনৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত বনকৰ্মী সকলে অনাকাংক্ষিত যিকোনো পৰিস্থিতিৰ বাবে মোকাবিলা কৰিবলৈ নাই কোনো অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ । পুৰণি এটা বন্দুক আছে যদিও সেইটোও অচল ৷ যাৰ বাবে দা আৰু লাঠিৰে কৰ্তব্য পালন কৰি গৈছে বনকৰ্মী সকলে ৷

বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়া ৷ পৰিৱৰ্তনৰ সপোন দেখুৱাই ৰাজপাট দখল কৰা আপোনাৰ চৰকাৰে বিগত কাৰ্যকালত অসমৰ বন ভূমি সুৰক্ষিত হোৱা বুলি দাবী কৰি আহিছে ৷ কিন্তু কেতিয়াবা এইসকল বনকৰ্মীৰ জীৱনলৈ পৰিৱৰ্তন আনিবলৈ সক্ষম হ’ব নে আপোনাৰ দপ্তৰ ? নে এইদৰেই যাতনা ভুগি প্ৰাণৰ সংশয় লৈ কৰ্তব্য কৰি যাব লাগিব বনকৰ্মী সকলে !

লগতে পঢ়ক:দিহিং পাটকাইৰ কথাৰে...

Last Updated : May 15, 2021, 10:02 PM IST

ABOUT THE AUTHOR

...view details