তিনিচুকীয়া, 11 জুন :বহু আশা প্ৰত্যাশাৰ অৱসান ঘটাই অৱশেষত চৰকাৰে ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত দিহিং-পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান হিচাবে ঘোষণা কৰিলে । দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটি কালি ২৩৪'২৬ বৰ্গ কিলোমিটা ৷ ইয়াৰে ১২৩'৬৭ বৰ্গ কিলোমিটাৰ তিনিচুকীয়া জিলা আৰু ১১০'৫৯ বৰ্গ কিলোমিটাৰ ডিব্ৰুগড় জিলাত অন্তৰ্ভুক্ত কৰা হৈছে । চৰকাৰৰ এই ঘোষণাৰ পাচতে ভাৰতৰ ভিতৰত ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰত তৃতীয় স্থান লাভ কৰিছে অসমে ৷
বন বিভাগৰ জৰীপ অনুসৰি বৰ্তমান এই ৰাষ্ট্ৰীয় উদ্যানত ৪৭ বিধ স্তণ্যপায়ী প্ৰাণী, ৫ টা প্ৰজাতিৰ ধনেশ চৰাই, ৭ টা প্ৰজাতিৰ বান্দৰ, ৩১০ বিধ পখিলা, ২৪ বিধ ভেকুলী আৰু ৫০ বিধ সৰীসৃপ প্ৰজাতিৰ প্ৰাণী আছে । উল্লেখ্য যে, চৰাই-চিৰিকতিৰে ভৰপূৰ এই উদ্যানতে পৃথিৱী বিখ্যাত ৰাজ্যিক চৰাই দেওহাঁহ পোৱা যায় ৷