তিনিচুকীয়া, ১৯ ফেব্ৰুৱাৰী :তিনিচুকীয়াৰ অবৈধ কয়লাখনিত কাম কৰা প্ৰাঞ্জল মৰাণ ক'ত আছে ? সঁচাকৈয়ে মৃত্যু হৈছে নেকি মাকুমৰ শুকানী গাঁৱৰ যুৱকজনৰ ? সমগ্ৰ বিষয়টোক লৈ বিগত এটা মাহে তিনিচুকীয়া জিলাত তীব্ৰ চাঞ্চল্য অব্যাহত আছে (Coal mine worker goes missing)।
তাৰ মাজতে মাকুমৰ শুকানী গাঁৱৰ প্ৰাঞ্জল মৰাণৰ বাসগৃহত দেওবাৰে উপস্থিত হয় বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়া । শইকীয়াৰ নেতৃত্বত কংগ্ৰেছৰ এটা সজাতি দল আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ নেতৃত্বত অসম জাতীয় পৰিষদৰ এটা সজাতি দল যুৱকজনৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰে ৷
বিৰোধী দলপতি দেবব্ৰত শইকীয়া প্ৰথমে উপস্থিত হৈ সন্ধানহীন হৈ থকা প্ৰাঞ্জল মৰাণৰ পত্নীৰ লগতে পৰিয়ালবৰ্গৰ সৈতে কিছু বাৰ্তালাপ কৰাৰ লগতে স্থানীয় আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ পৰাও ঘটনাৰ বুজ লয় (Debabrata Saikia at residence of Pranjal Moran)। এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত দেবব্ৰত শইকীয়াই কয় যে কংগ্ৰেছে বিভিন্ন সময়ত মাৰ্ঘেৰিটা, লিডুত অবৈধ কয়লাৰ সৰবৰাহ অব্যাহত থকা সন্দৰ্ভত অভিযোগ উত্থাপন কৰি আহিছে যদিও জিলা প্ৰশাসন, আৰক্ষী আৰু শাসকীয় চৰকাৰখনে কোনো গুৰুত্ব প্ৰদান কৰা নাই ৷
ইফালে প্ৰাঞ্জল মৰাণৰ মৃত্যুৰ গোচৰৰ এজাহাৰত নাম থকা বি গণেশক কিয় ইমান দিনে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই তাক লৈও তেওঁ প্ৰশ্ন উত্থাপন কৰে ৷ অতি শীঘ্ৰে প্ৰাঞ্জল মৰাণৰ ঘটনাৰ সৈতে জড়িতসকলক গ্ৰেপ্তাৰ কৰি প্ৰাঞ্জল মৰাণৰ পৰিয়ালক ন্যায় প্ৰদান কৰাৰ লগতে পত্নীক স্থায়ী নিযুক্তিৰ প্ৰদান কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাই দেবব্ৰত শইকীয়াই (Debabrata Saikia on Pranjal Moran missing case)৷