অসম

assam

ETV Bharat / state

ডুমডুমাত উদ্ধাৰ এটিএম কাণ্ডত জড়িত ডকাইতৰ মৃতদেহ - ডুমডুমাত উদ্ধাৰ ডকাইতৰ মৃতদেহ

বুধবাৰে ডুমডুমাত সংঘটিত এ টি এম ডকাইতিকাণ্ডৰ লগত জড়িত ডকাইতৰ মৃতদেহ উদ্ধাৰ ৷ গুলীবিদ্ধ অৱস্থাত উদ্ধাৰ ডকাইতটোৰ মৃতদেহ ৷

deathbody recover at doomdooma
ডুমডুমাত উদ্ধাৰ ডকাইতৰ মৃতদেহ

By

Published : Jan 30, 2020, 4:29 PM IST

ডুমডুমা,30 জানুৱাৰীঃবুধবাৰে তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ৰূপাইত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা । ৰূপাই-কাকপথাৰ পথত থকা SBIৰ ATM ত ধন জমা কৰিবলৈ গাড়ী অহাৰ সময়তেই সংঘটিত হৈছিল গুলিচালনাৰ ঘটনা । ডকাইত আৰু ATM ৰ সুৰক্ষা কৰ্মীৰ মাজত হোৱা প্ৰচণ্ড গুলীয়াগুলীৰ ফলত নিহত হয় এজন সুৰক্ষা কৰ্মী ৷ ইফালে বৃহস্পতিবাৰে গন্ধৈগুৰী বনাঞ্চলৰ মাজত উদ্ধাৰ হয় ডকাইতটোৰ মৃতদেহ ৷ জানিব পৰা মতে, মৃত ডকাইতটোৰ নাম বিনন মৰাণ ৷ 25 বছৰীয়া বিনন মৰাণ কাকপথাৰ বৰালিৰ বাহনিৰ নবিন মৰাণ পুত্ৰ ৷

ডুমডুমাত উদ্ধাৰ ডকাইতৰ মৃতদেহ

ABOUT THE AUTHOR

...view details