অসম

assam

তিনিচুকীয়াৰ জীৱন জ্যোতিত তিনিদিনীয়া নৱজাতকৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি

By

Published : Dec 11, 2021, 4:39 PM IST

নৱজাতকৰ আকস্মিক মৃত্যুক কেন্দ্ৰ কৰি তিনিচুকীয়াত উত্তপ্ত পৰিস্থিতি(Tense situation over sudden infant death) ৷ জীৱন জ্যোতি নামৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত সংঘটিত হৈছে এই ঘটনা ৷ পৰিয়ালৰ লোকৰ অভিযোগ, চিকিৎসকৰ ভুলৰ বাবে মৃত্যুক সাৱতি ল’লে নৱজাতকটিয়ে ৷

sudden infant death in Tinsukia
তিনিদিনীয়া নৱজাতকৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি

তিনিচুকীয়া, 11 ডিচেম্বৰ : এটি নৱজাতকৰ মৃত্যুক কেন্দ্ৰ কৰি তিনিচুকীয়াৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি(Death of a newborn baby triggers tension)ৰ ৷ পৰিয়ালৰ লোকৰ অভিযোগ, চিকিৎসকৰ ভুলৰ বাবে মৃত্যুক সাৱতি লয় নৱজাতকটিয়ে ৷ উল্লেখ্য যে, ৯ ডিচেম্বৰৰ দিনা গেলপুখুৰীৰ নিবাসী মানৱ জ্যোতি দহটীয়াৰ পৰিয়ালৰ এগৰাকী প্ৰসূতিয়ে জন্ম দিছিল এটি কন্যা শিশুৰ ৷

জীৱন জ্যোতি নামৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত জন্ম হৈছিল নৱজাতকটিৰ ৷ পৰিয়ালৰ লোকে অভিযোগ কৰা মতে, নিশাৰ ভাগলৈকে সুস্থ হৈ থকা শিশুটিক নাৰ্চে গৰম ভাপ দিবলৈ লৈ গৈছিল । তাৰ পাছতে হঠাৎ খবৰ আহিল, সুস্থ হৈ থকা কন্যা শিশুটি গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে ৷ পৰৱৰ্তী সময়ত চিকিৎসকে শিশুটিৰ মৃত্যু হোৱা বুলি অৱগত কৰে(sudden infant death) ৷

তিনিদিনীয়া নৱজাতকৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি

লগতে পঢ়ক:Omicron threat in Assam? : ক'ভিড প'জিটিভ লণ্ডন ফেৰৎ মহিলা, নিশ্চিত হোৱা নাই অ’মিক্ৰণৰ অৱস্থিতি

ইয়াৰ পাছতে শিশুটিৰ পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ আনসকল লোকৰ মাজত লাগে হুৱা-দুৱা ৷ পৰিয়ালৰ লোকে সদৰী কৰা মতে, কি কাৰণে শিশুটিৰ মৃত্যু হ'ল, সেই কথা এতিয়ালৈকে চিকিৎসকে জনোৱা নাই ৷

মন কৰিবলগীয়া যে, প্ৰসূতি আৰু নৱজাতক শিশুটি মনোজ দুৱৰা নামৰ এগৰাকী চিকিৎসকৰ তত্ত্বাৱধানত আছিল ৷ তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ এগৰাকী চিকিৎসক হোৱাৰ লগতে ব্যক্তিগত খণ্ডৰ চিকিৎসালয় জীৱন জ্যোতি নাৰ্চিং হোমতো কাম কৰে মনোজ দুৱৰাই ৷ চিকিৎসক দুৱৰাৰ পৰামৰ্শ মৰ্মেই, জীৱনজ্যোতিলৈ অনা হৈছিল প্ৰসূতি গৰাকীক আৰু এই জীৱন জ্যোতিতে জন্ম হৈছিল শিশুটিৰ ৷

জন্ম হোৱাৰ পৰা তিনিদিনলৈকে শিশুটি শাৰীৰিকভাৱে সুস্থ হৈ আছিল বুলি সদৰী কৰিছে পৰিয়ালৰ লোকে ৷ এনে ক্ষেত্ৰত তিনি দিনৰ পাছত নৱজাতকটিৰ ৰহস্যজনক মৃত্যুক লৈ তিনিচুকীয়া সদৰ থানা(Tinisukia Police)ত চিকিৎসালয়খনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে ৷ ঘটনা সন্দৰ্ভত উচিত তদন্তৰ দাবী তুলিছে মৃত শিশুটিৰ পৰিয়ালৰ লোকে ৷

লগতে পঢ়ক:Smart City Project Guwahati : শীঘ্ৰে মহানগৰীত আৰম্ভ হ’ব স্মাৰ্ট চিটিৰ উন্নয়ন কাৰ্য

ABOUT THE AUTHOR

...view details