অসম

assam

By

Published : Sep 1, 2020, 5:17 PM IST

ETV Bharat / state

আমৰণ অনশনত বহিল ডুমডুমাৰ শ্বহীদ নিৰ্যাতিত পৰিয়াল

তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আমৰণ অনশন কাৰ্যসূচীৰ আয়োজন কৰিছে সদৌ অসম শ্বহীদ নিৰ্যাতিত পৰিয়াল পৰিষদে ৷ শ্বহীদৰ পৰিয়ালৰ সদস্যসকলক কৰ্ম সংস্থাপন প্ৰদানৰ দাবীত মঙলবাৰে ডুমডুমাত পালন কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ৷

Death hunger strike program by swahid family in dumduma tinsukia assam etv bharat news
আমৰণ অনশন

ডুমডুমা,1 ছেপ্তেম্বৰ: অসম চুক্তিৰ ৬ নং দফাৰ ৰূপায়ণ আৰু অসম আন্দোলনৰ শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ সদস্যসকলক কৰ্ম সংস্থাপন প্ৰদান কৰাৰ দাবীত মঙলবাৰে ডুমডুমাত পালন কৰা হয় এক প্ৰতিবাদী কাৰ্যসূচী ৷ ডুমডুমাস্থিত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত আমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে শ্বহীদৰ পৰিয়ালবৰ্গই ৷ সদৌ অসম শ্বহীদ নিৰ্যাতিত পৰিয়াল পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত এই আমৰণ অনশন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ৷

শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ আমৰণ অনশন

অতীতৰে পৰা শ্বহীদসকলৰ পৰিয়ালক প্ৰতাৰণা কৰি আহিছে চৰকাৰে ৷ এই অভিযোগ উত্থাপন কৰি শ্বহীদৰ নিৰ্যাতিত পৰিয়ালসমূহে শীঘ্ৰে শ্বহীদৰ পৰিয়ালৰ সদস্যক কৰ্ম সংস্থাপন প্ৰদান কৰাৰ দাবী উত্থাপন কৰে ৷ চৰকাৰে পৰিয়ালসমূহৰ এনে দাবী আওকাণ কৰিলে ভৱিষ্যতে আত্মজাহৰ দৰে কঠোৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷

লগতে চাওকঃকাজিনেমু আৰু কোমল চাউললৈ জি আই টেগ ...

ABOUT THE AUTHOR

...view details