মাৰ্ঘেৰিটা, 19আগষ্টঃ মঙলবাৰে ডিগবৈ ক্লাবৰ সমীপৰ 38 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা ধুবিঘাটৰ পুখুৰীত এটি মৃতদেহ উদ্ধাৰ হয় । মৃত লোকজন মনিষ বৰুৱা (৪৩) এক নং গোলাই নিৱাসী বুলি জানিব পৰা গৈছে।
ডিগবৈৰ 38 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মৃতদেহ উদ্ধাৰ - ডিগবৈ ক্লাবৰ সমীপৰ 38 নং ৰাষ্ট্ৰীয় ঘাইপথ
তিনি দিনৰ পূৰ্বে মাছ ধৰিবলৈ বুলি ঘৰৰ পৰা উলাই আহি নিৰুদেশ হৈ আছিল মনিষ বৰুৱা ।
![ডিগবৈৰ 38 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মৃতদেহ উদ্ধাৰ Deadbody recovered by police at Digboi](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8471931-635-8471931-1597807823922.jpg)
ডিগবৈৰ 38 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মৃতদেহ উদ্ধাৰ
উল্লেখযোগ্য যে, তিনিদিনৰ পূৰ্বে মাছ ধৰিবলৈ বুলি ঘৰৰ পৰা উলাই আহি নিৰুদেশ হৈ আছিল মনিষ বৰুৱা। মঙলবাৰে পুখুৰীত উপঙি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে মনিষ বৰুৱাৰ মৃতদেহ ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷
লগতে পঢ়কঃঅগপৰ জনীয়া সমষ্টিৰ বিধান পৰিষদ কমিটি গঠন