শদিয়া, 26 অক্টোবৰঃ শদিয়াৰ অমৰপুৰ দিবাং নদীত উৱলি যোৱা মৃতদেহ উদ্ধাৰ ৷ মৃতদেহটো অমৰপুৰ পাঁচঘৰীয়া গাঁৱৰ দিব্যধৰ পেগুৰ পুত্ৰ দিলীপ পেগু বুলি চিনাক্ত কৰা হৈছে । উল্লেখ্য যে যোৱা 16 অক্টোবৰৰ পৰাই দিবাং নদীত সন্ধানহীন হৈ আছিল কিশোৰজন ৷ স্থানীয় ৰাইজে জনোৱা মতে দিবাং নদীৰ চাপৰিত থকা গৰুৰ খুটিলৈ যোৱাৰ উদ্দেশ্যে দিলীপ নামৰ 18 বছৰীয়া কিশোৰটিয়ে দিবাং নদী সাঁতুৰি পাৰ হ'বলৈ চেষ্টা কৰোতেই দিবাং নদীত সন্ধানহীন হৈছিল ৷ আঠটা দিনৰ পিছত যুৱকজনৰ উৱলি যোৱা মৃতদেহটো উদ্ধাৰ হোৱাত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ৷
শদিয়াত কিশোৰৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ - দিব্যধৰ পেগু
শদিয়াৰ অমৰপুৰ দিবাং নদীত উৱলি যোৱা মৃতদেহ উদ্ধাৰ ৷ মৃতদেহটো অমৰপুৰ পাঁচঘৰীয়া গাঁৱৰ দিব্যধৰ পেগুৰ পুত্ৰ দিলীপ পেগু বুলি চিনাক্ত কৰা হৈছে ।
![শদিয়াত কিশোৰৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4876114-thumbnail-3x2-sadiya.jpg)
শদিয়াত কিশোৰৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ