অসম

assam

ETV Bharat / state

ডুমডুমাৰ ডকাইতি কাণ্ডত জড়িত ডকাইতৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ - ৰূপাই-কাকপথাৰ

তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত ৰূপাই-কাকপথাৰ পথত থকা এচবিআইৰ ATMত বুধবাৰে সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা ৷ উক্ত ঘটনাত জড়িত এজন ডকাইতৰ গুলীবিদ্ধ মৃতদেহ বৃহস্পতিবাৰে ডাঙৰী বনাঞ্চলৰ মাজত উদ্ধাৰ হয় ৷ মৃত ডকাইতটো কাকপথাৰৰ বৰালিৰ বিনন মৰাণ(২৬) ৰ বুলি জানিব পৰা গৈছে ।

ডুমডুমা
ডকাইতৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ

By

Published : Jan 30, 2020, 9:56 PM IST

ডুমডুমা,30 জানুৱাৰীঃ তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত ৰূপাই-কাকপথাৰ পথৰ সমীপৰ এচবিআইৰ ATMত বুধবাৰে সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা ৷ চহৰখনত দিন-দুপৰতে ৪/৫ জনীয়া ডকাইতৰ এটা দলে SIS চাৰ্ভিচ নামৰ বাহনৰ পৰা ATM টোত টকা ভৰাবলৈ লওঁতে ধন লুটৰ চেষ্টা চলাইছিল ৷ সেইসূত্ৰে ডকাইত আৰু ATMৰ সুৰক্ষাকৰ্মীৰ মাজত সংঘটিত হৈছিল গুলিয়াগুলিৰ ঘটনা । উক্ত ঘটনাত চিমু বুঢ়াগোঁহাই নামৰ ATMৰ সুৰক্ষাকৰ্মীজন নিহত হৈছিল ৷ আনহাতে, ATM ৰ সুৰক্ষাকৰ্মীৰ গুলীত এজন ডকাইত নিহত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছিল যদিও মটৰ চাইকেলত অহা ডকাইতৰ দলটোৱে হিন্দী চিনেমাৰ কায়দাৰে গুলীবিদ্ধ ডকাইতটোক সেই স্থানৰ পৰা চোঁচৰাই লৈ পলায়ন কৰে ।

ডকাইতৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ

সমগ্ৰ ঘটনা সম্পৰ্কে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ মাজতে বৃহস্পতিবাৰে ডাঙৰী বনাঞ্চলৰ মাজত গুলীবিদ্ধ ডকাইতটোৰ মৃতদেহ উদ্ধাৰ হয় ৷ মৃত ডকাইতটো কাকপথাৰৰ বৰালিৰ বিনন মৰাণ(২৬) ৰ বুলি জানিব পৰা গৈছে । সমগ্ৰ ডকাইতি কাণ্ডৰ লগত জড়িত আনকেইজন ডকাইতৰ সন্ধানত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে চাওকঃ ডুমডুমাত ডকাইতৰ গুলিত নিহত ATMৰ সুৰক্ষী কৰ্মী

ABOUT THE AUTHOR

...view details