অসম

assam

ETV Bharat / state

নাজিৰাটিং নদীৰ গৰাত মৃত বন্যহস্তী উদ্ধাৰ - নাজিৰাটিং নদীৰ গঢ়াত মৃত বন্যহস্তী উদ্ধাৰ

নাজিৰাটিং নদীৰ পাৰ হৈ হৈ নিশা ধাননি পথাৰলৈ ধান খাবলৈ অহাৰ সময়তে হাতীৰ জাকৰ মাজৰ কোনো ডাঙৰ হাতীয়ে দতাঁল হাতীটোক আঘাত কৰাত হাতীটোৰ মৃত্যু হোৱাৰ সন্দেহ ৷

doomdooma
নদীৰ গঢ়াত মৃত বন্যহস্তী উদ্ধাৰ

By

Published : Dec 2, 2019, 4:53 PM IST

ডুমডুমা, 2 ডিচেম্বৰঃসোমবাৰে আপাৰ দিহিং সংৰক্ষিত বনাঞ্চলৰ তামুলী বনগাঁৱৰ নাজিৰাটিং নদীৰ গৰাত মৃত অৱস্থাত এটা বনৰীয়া পোৱালী হাতীৰ মৃতদেহ উদ্ধাৰ হয় ৷ নদীৰ গঢ়াত বনৰীয়া দতাঁল হাতীটো মৃত অৱস্থাত উদ্ধাৰ হোৱাক লৈ সমগ্ৰ ডিগবৈ তামুলী বনগাঁও অঞ্চলত চাঞ্চল্য বিৰাজ কৰিছে ৷

নদীৰ গঢ়াত মৃত বন্যহস্তী উদ্ধাৰ


তামুলী বনগাঁওবাসী ৰাইজৰ মতে, হাতীৰ জাকটো নাজিৰাটিং নদীৰ পাৰ হৈ নিশা ধাননি পথাৰলৈ ধান খাবলৈ অহাৰ সময়তে হাতীৰ জাকৰ মাজৰ কোনো ডাঙৰ হাতীয়ে দতাঁল হাতীটোক আঘাত কৰে আৰু হাতীটোৰ মৃত্যু হয় ৷ হাতীটোৰ গাত থকা আঘাতৰ চিহ্নলৈ চাই গাঁৱবাসীয়ে এই সন্দেহ প্ৰকাশ কৰে ৷ হাতীটোৰ বয়স অনুমানিক তিনি বছৰ হ'ব বুলি বন বিভাগৰ লোকে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক - প্ৰিয়ংকা গান্ধী নে চোপ্ৰা ? সভাৰ মাজতে অথন্তৰ

ABOUT THE AUTHOR

...view details