ডুমডুমা, 17 আগষ্ট:ডুমডুমাৰ টিপুক চাহ বাগিছাৰ সমীপত থকা এটা ইটাভাটাৰ পুখুৰীত উদ্ধাৰ হৈছে এগৰাকী লোকৰ মৃতদেহ ৷ উদ্ধাৰ হোৱা লোকগৰাকী বাগিছা খনৰ শ্ৰমিক বুধুৰাম কৰ্মকাৰ বুলি জানিবলৈ দিয়ে স্থানীয় লোকে ৷ ডুমডুমাৰ ব্যৱসায়ী পুলিন দুৱৰাৰৰ ইটাভাটাত থকা পুখুৰীত মৃতদেহটো উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে ৷
ডুমডুমাৰ টিপুকস্থিত ইটাভাটাৰ পুখুৰীত উদ্ধাৰ মৃতদেহ
ডুমডুমাৰ ব্যৱসায়ী পুলিন দুৱৰাৰৰ ইটাভাটাত থকা পুখুৰীত দেওবাৰে নিশা উদ্ধাৰ হয় এগৰাকী লোকৰ মৃতদেহ ৷ উদ্ধাৰ হোৱা লোকগৰাকী বাগিছা খনৰ শ্ৰমিক বুধুৰাম কৰ্মকাৰ বুলি জানিব পৰা গৈছে ৷
উদ্ধাৰ মৃতদেহ
চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতাসকলৰ লগতে, স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি, পূৰ্বতেও সেই স্থানত সংঘটিত হৈছিল অনুৰূপ ঘটনা ৷ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী মৃত লোকগৰাকীৰ পৰিয়ালৰ বাবে চৰকাৰৰ লগতে, মালিকপক্ষৰ লোকক এক উচিত ক্ষতিপুৰণ দিবলৈ সংবাদ মাধ্যমযোগে দাবী জনায় চাহ জনজাতি ছাত্ৰ সন্থাৰ সদস্য সকলে ৷ লগতে পৰিয়ালটোৱে অনাগত দিনত জীৱন-যাপন কৰিব পৰাকৈয়ো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনালে সংগঠনটোৰ সদস্য সকলে ৷