তিনিচুকীয়া , 02 জুন :তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত লাজুমৰ ডাঙৰী নৈত দেওবাৰে পুৱা এটা মৃতদেহ উদ্ধাৰ হয় ৷ মৃত লোক জন কাকপথাৰ 18 নং লাইনৰ সঞ্জয় কৰ্মকাৰ (25) বুলি চিনাক্ত কৰা হৈছে ৷
কাকপথাৰত শামুক বিচাৰি গৈ মৃত্যু যুৱকৰ
দৈনন্দিন ডাঙৰী নৈত শামুক বিচাৰি অহাৰ দৰে কালি বিয়লিও ব্যক্তিজনে শামুক বিচাৰি অহাৰ পাচত ঘৰলৈ উভতি যোৱা নাছিল ৷
কাকপথাৰ লাজুমত মৃতদেহ উদ্ধাৰ
ব্যক্তিজনে নৈখনত শামুক বিচাৰি আহোতেই ঘটনাতো সংঘটিত হয় বুলি স্থানীয় লোকে জানিবলৈ দিয়ে ৷ দৈনন্দিন অহাৰ দৰে কালি বিয়লিও ব্যক্তিজনে শামুক বিচাৰি অহাৰ পাচতে তেওঁ সন্ধানহীন হৈ আছিল ৷ তেনে সময়তে আজি পুৱা নৈৰ কাষত ব্যক্তিজনৰ মৃতদেহটো উদ্ধাৰ হয় ৷ সম্প্ৰতি কাকপথাৰ আৰক্ষীয়ে মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷