অসম

assam

ETV Bharat / state

ধলাৰ কংগ্ৰেছ ভৱনত চকীদাৰৰ মৃতদেহ উদ্ধাৰ

শনিবাৰে সন্ধিয়া ধলাৰ ৰাজীৱ ভৱনত উদ্ধাৰ হয় চকীদাৰজনৰ মৃতদেহ ৷

ধলাৰ কংগ্ৰেছ ভৱনত চকীদাৰৰ মৃতদেহ উদ্ধাৰ

By

Published : Jun 23, 2019, 1:45 PM IST

শদিয়া,23 জুনঃ তিনিচুকীয়া জিলাৰ ধলাৰ কংগ্ৰেছ ভৱনত চকীদাৰৰ মৃতদেহ উদ্ধাৰ ৷ মৃত চকীদাৰজনৰ নাম সঞ্জীৱ চক্ৰৱৰ্তী(50) ৷ শদিয়া সমষ্টিৰ কংগ্ৰেছৰ একমাত্ৰ ভৱনটোত শনিবাৰে সন্ধিয়া কংগ্ৰেছ কৰ্মীয়ে দেখা পাই চকীদাৰজনৰ মৃতদেহ ৷ ডিঙিত ৰচি লগাই চিপজৰী লোৱাৰ দৰে আছে যদিও সেইয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ ৷ মৃতদেহটো অৰ্ধগলিত অৱস্থাত শৌচাগাৰত উদ্ধাৰ হোৱাত শোকৰ ছাঁ পৰিছে অঞ্চলটোত ৷ ধলা আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে শদিয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে চকীদাৰজনৰ মৃতদেহ ৷

ABOUT THE AUTHOR

...view details