তিনিচুকীয়া,5 জুন:শনিবাৰে পুৱা তিনিচুকীয়া-দুলীয়াজানৰ ঘাইপথৰ কাষত থকা ন-পুখুৰীস্থিত মৰুৎ নন্দন কানন উদ্যানৰ ভিতৰত গছত ওলমি থকা অৱস্থাত উদ্ধাৰ এক মৃতদেহ । মৃত ব্যক্তিজন জ্যোতি নগৰৰ সমীপৰ আশা নগৰস্থিত জিতেন চাহানীৰ পুত্ৰ গোবিন চাহানী (২৭) বুলি জানিব পৰা গৈছে ।
পৰিয়ালৰ ব্যক্তিয়ে জনোৱা মতে, গোবিন চাহানী শুকুৰবাৰে সন্ধিয়া ৭ বজাৰ পৰা সন্ধানহীন হৈ আছিল । কিন্তু শনিবাৰে পুৱা ন পুখুৰীস্থিত মৰুৎ নন্দন কানন উদ্যানৰ ভিতৰত মৃতদেহ উদ্ধাৰ হোৱাৰ কথা খবৰ পাই চাহানীৰ পৰিয়ালৰ লোক উদ্যানত উপস্থিত হৈ মৃতদেহটো গোবিন চাহানীৰ বুলি চিনাক্ত কৰে ৷