নাই পকী দলং, ভঙা বাঁহৰ দলঙেৰে যাতায়ত গঁঞা ৰাইজৰ - PWD
ডুমডুমা বিধানসভা সমষ্টিৰ অন্তৰ্গত কুমচাং গাঁও পঞ্চায়তৰ ৰুমাইগাভৰু নামৰ এটা অঞ্চলত এখন ভঙা দলঙৰ ওপৰেদি দৈনন্দিন যাতায়ত কৰিবলৈ বাধ্য হৈছে ভুক্তভোগী জনসাধাৰণ ৷ হতাশ ৰাইজে জনপ্ৰতিনিধি তথা চৰকাৰী আমোলাৰ ওপৰত ক্ষোভ প্ৰকাশ কৰাৰ লগতে অতি শীঘ্ৰেই দলংখন নিৰ্মাণ কৰিবলৈ দাবী জনাইছে ৷
কাকপথাৰ, 21 জুলাইঃ ডুমডুমা বিধানসভা সমষ্টিৰ অন্তৰ্গত কুমচাং গাঁও পঞ্চায়তৰ ৰুমাইগাভৰু নামৰ অঞ্চলটোৰ এখন পুৰণি উৱঁলি যোৱা বাঁহৰ দলঙেৰে দুৰ্বিষহ যাতায়তৰ বিকল্প নোহোৱা হৈ পৰিছে অঞ্চলটোৰ ৰাইজৰ ৷ বৃহৎতৰ কাকপথাৰৰ লগত যোগাযোগ স্থাপনৰ বাবে দলঙখনেই হৈছে স্থানীয় ৰাইজৰ বাবে যাতায়তৰ শেষ মাধ্যম ৷ ইতিমধ্যেই অঞ্চলটোত দীৰ্ঘদিন ধৰি জনপ্ৰতিনিধিৰ পৰা ৰাস্তা-ঘাট, দলং আদিৰ নিৰ্মাণৰ ক্ষেত্ৰত সন্মুখীন হৈ আহিছে তীব্ৰ অৱহেলা তথা বঞ্চনাৰ ৷ বহুবাৰ দলং নিৰ্মাণৰ বাবে স্থানীয় বিধায়ক , বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল , সাংসদ প্ৰদান বৰুৱাকে ধৰি বহুকেইজন জিলা উপায়ুক্তক স্থানীয় ৰাইজে জনাই অহাৰ পাছতো আজিলৈকে পূৰ্বৰ দৰে উন্নয়নৰ পৰা অৱহেলিত তথা বঞ্চিত হৈয়েই আছে অঞ্চলবাসী ৷ ক্ষোভিত ৰাইজে অতি শীঘ্ৰেই চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক এই দলংখন নিৰ্মাণ কৰিবলৈ দাবী জনাইছে ৷