তিনিচুকীয়া, ১৬ অক্টোবৰ : তিনিচুকীয়া জিলাৰ কাকপথাৰৰ এটি কণমানিৰ নৃত্যই মুগ্ধ কৰি তুলিছে সমগ্ৰ ভাৰতবাসীক । কাকপথাৰৰ অতি ভিতৰুৱা এখন গাঁও টঙনা গাঁৱৰ ৰাজেন মৰাণ আৰু স্বৰ্ণালী মৰাণৰ ১১ বছৰীয়া কণমানি সন্তান সুমন মৰাণে পশ্চিম বংগৰ কলকাতাত অনুষ্ঠিত হৈ থকা Zee Bangla ৰ ‘ডান্স বাংলা ডান্স’ৰ জুনিয়ৰ শাখাত নিজৰ অনন্য প্ৰতিভাৰ জৰিয়তে ইতিমধ্যে ২৫ ছেপ্তেম্বৰত অনুষ্ঠিত হোৱা চূড়ান্ত প্ৰতিযোগিতাত জয়ী হ’বলৈ সক্ষম হৈছে ।
অশেষ কষ্টেৰে চূড়ান্ত প্ৰতিযোগিতাত জয়ী হোৱাত পিতৃ-মাতৃ, পৰিয়াল, গাঁওবাসী, তিনিচুকীয়াবাসীৰ লগতে সুমন মৰাণৰ প্ৰশিক্ষকগৰাকীয়ে অতি আনন্দিত হৈ পৰিছে । জয়ী হোৱাৰ পাছত আজি তিনিচুকীয়াত দুটা মাহৰ পাছত উপস্থিত হয় সুমন মৰাণ ৷ তাৰ পাছতে বিভিন্ন দল-সংগঠনৰ লগতে শুভাকাংক্ষীসকলে শুভেচ্ছা, অভিনন্দন জনোৱাৰ লগতে বিপুল আদৰণি জনায় ৷ ৭ বছৰ বয়সৰ পৰাই নৃত্যচৰ্চা কৰি আজিৰ দিনত ৰাষ্ট্ৰীয় টেলিভিছন চেনেলত নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ বাবে সক্ষম হৈছে সুমনে ।
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও সুমন মৰাণে কালাৰচ্ টি ভিত সম্প্ৰচাৰিত ডান্সৰ প্ৰতিযোগিতাত অংশগ্ৰহন কৰিছিল যদিও আঘাতপ্ৰাপ্ত হৈ বাহিৰ হ’বলগীয়া হৈছিল । কিন্তু এইবাৰ যেন সকলোধৰণৰ বাধাক নেওচি নিজৰ লক্ষ্যত উপনীত হ’বলৈ সক্ষম হৈছে সুমন মৰাণ ৷ ডান্স বাংলা ডান্স প্ৰতিযোগিতাৰ বিচাৰকৰ আসনত থকা ডান্সৰ মহান তাৰকাসকলৰ লগতে বলীউডৰ অতি জনপ্ৰিয় অভিনেতা, ডান্সাৰ মিথুন চক্ৰৱৰ্তীৰ জাউৰিয়ে জাউৰিয়ে হাতচাপৰি বুটলিবলৈ সক্ষম হোৱাৰ লগতে মন মুগ্ধ কৰিবলৈ সক্ষম হৈছে কণমানি সুমণ মৰাণে ৷