তিনিচুকীয়াত ডকাইতি: লুটি নিলে শ্ৰমিকৰ মজুৰি দিবলৈ অনা টকা
বাদলাভেটা চাহ বাগিচাৰ ওচৰত বাইপাচত দুখন নম্বৰপ্লেট বিহীন পুৰণা CBZ বাইকত অহা চাৰিজনীয়া এটা ডকাইতৰ দলে স্কুটিখন আগুচি ধৰি দুই লাখ টকাসহ যুৱকজনৰ মবাইল ফোন লৈ উধাও হ'য়
ডুমডুমা,22 জুন : ডুমডুমাৰ বাদলাভেটাত ডকাইতি কাণ্ড । শ্ৰমিকৰ মজুৰি দিবলৈ অনা দুই লক্ষাধিক টকা লুটি লৈ গ'ল চাৰিজনীয়া ডকাইতৰ দলে। ডুমডুমাৰ বাদলাভেটা বাইপাছত শুকুৰবাৰে নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইটিৰ ঘটনা। ফিল'বাৰীস্থিত বিনোদ ছেত্ৰী নামৰ ক্ষুদ্ৰ চাহ ব্যৱসায়ীজনৰ চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰিৰ ধন লুট কৰিলে দুখন বাইকত অহা চাৰিজনীয়া ডকাইতৰ দলে। টকাখিনি শনিবাৰে শ্ৰমিকক মজুৰি দিবলৈ ৰূপাইৰ পৰা ফিল'বাৰীলৈ অনাৰ সময়তে সংঘটিত হয় ঘটনাটো। দুই লক্ষাধিক টকা লৈ এখন স্কুটিত ফিল'বাৰীলৈ আনিছিল নীতিশ চেতিয়া নামৰ যুৱকজনে। নীতিশ চেতিয়াই ৰূপাইৰ পৰা ধনখিনি লৈ ফিল'বাৰীলৈ আহি থকা অৱস্থাত বাদলাভেটা চাহ বাগিচাৰ ওচৰত বাইপাচত দুখন নম্বৰ বিহীন পুৰণা CBZ বাইকত অহা চাৰিজনীয়া এটা ডকাইতৰ দলে নীতিশৰ স্কুটিখন আগুচি ধৰি দুই লাখ টকাসহ যুৱকজনৰ মবাইল ফোন লৈ উধাও হ'য়। ঘটনা সম্পৰ্কে বিনোদ ছেত্ৰীয়ে ডুমডুমা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে কোনো এজন লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে । উল্লেখযোগ্য যে ডুমডুমা আৰক্ষীয়ে উক্ত স্থানতেই নিতৌ তালাচী চলোৱা দেখা যায় যদিও কালি সেই স্থানত আৰক্ষীৰ তালাচী নাছিল। আৰক্ষীয়ে নিতৌ তালাচী চলোৱা স্থানৰ পৰাই দুই লক্ষাধিক টকা ডকাইতৰ দলে লুট কৰি লৈ যোৱা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷