ডুমডুমা, 5 জুন: ডুমডুমা নগৰৰ মাজমজিয়াৰ দৈনিক বজাৰত চাঞ্চল্য ৷ ম্যাদ উকলা পানীয় খাই গুৰুতৰভাৱে অসুস্থ কেইবাজনো যুৱক ৷ পানীয় সেৱন কৰাৰ পাছতেই বমিৰ লগতে পেটৰ বিষত গুৰুতৰভাৱে অসুস্থ হৈ পৰে যুৱককেইজন ৷ উল্লেখ্যে যে, দৈনিক বজাৰখনত থকা "কমল বেকাৰী"ৰ নামৰ বেকাৰী দোকান এখনৰ পৰা ক্ৰয় কৰা আমুল কোম্পানীৰ Camel Milk নামৰ গাখীৰৰ পৰা প্ৰস্তুত কৰা পানীয় খাই অসুস্থ হৈ পৰাৰ অভিযোগ উত্থাপন কৰিছে যুৱককেইজনে ৷
ডুমডুমাত ম্যাদ উকলা পানীয় খাই অসুস্থ গ্ৰাহক
পানীয় সেৱন কৰাৰ পাছতেই বমিৰ লগতে পেটৰ বিষত গুৰুতৰভাৱে অসুস্থ হৈ পৰে বহুকেইজন যুৱক ৷
ডুমডুমাত ম্যাদ উকলা পানীয় খাই অসুস্থ গ্ৰাহক
জানিব পৰা মতে, উক্ত পানীয় বটল সমুহৰ উৎপাদনৰ সময় আছিল 2019 চনৰ অক্টোবৰ মাহ ৷ উৎপাদনৰ পাছৰ 6 মাহ সময়হে পানীয় বিধ খোৱাৰ বাবে উপযোগী বুলি স্পষ্টভাৱে লিখি থোৱাৰ পাছতো 8 মাহৰ পাছত ম্যাদ উকলি যোৱা পানীয় বটল কেইটা বিক্ৰী কৰিছিল দোকানখনে ৷ যাৰ বাবে ম্যাদ উকলা পানীয় খোৱাৰ ফলতেই এইদৰে বমি আৰু পেটৰ বিষ হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে যুৱককেইজনে ৷ ঘটনা সন্দৰ্ভত উক্ত অঞ্চলত সৃষ্টি হয় তীব্ৰ উত্তেজনা ৷
লগতে পঢ়কঃ বিশ্ব পৰিবেশ দিৱস : এইবৰ্ষৰ বিষয়বস্তু "TIME OF NATURE" !
Last Updated : Jun 5, 2020, 8:48 AM IST