তিনিচুকীয়া, 29 জুন : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত নামহোলুং বিজয়পুৰ গাঁৱত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনৰ পথ নিৰ্মানত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত ২০১৮-১৯ বৰ্ষতেই প্ৰায় ২৫ কোটি ৪ লাখ টকা ব্যয় সাপেক্ষে ফিল'বাৰী নগাঁৱৰ পৰা তিনিআলি নগাঁৱলৈ নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা এই পথচোৱা বৰ্তমান পৰ্যন্ত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নোহোৱাৰ অভিযোগ কৰিছে স্থানীয় লোকসকলে । আনহাতে নিৰ্মাণ কৰা অংশৰো অধিকাংশ স্থানত পথচোৱা জহি খহি যোৱা পৰিলক্ষিত হৈছে ।
নামহোলুঙত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মানত অনিয়ম - তিনিচুকীয়া
প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত ২০১৮-১৯ বৰ্ষতেই প্ৰায় ২৫ কোটি ৪ লাখ টকা ব্যয় সাপেক্ষে ফিল'বাৰী নগাঁৱৰ পৰা তিনিআলি নগাঁৱলৈ নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা এই পথচোৱা বৰ্তমান পৰ্যন্ত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নোহোৱাৰ অভিযোগ কৰিছে স্থানীয় লোকসকলে ।
![নামহোলুঙত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মানত অনিয়ম CURREPTION IN TINISUKIA](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7813496-602-7813496-1593426244838.jpg)
নামহোলুঙত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মানত অনিয়ম
নামহোলুঙত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মানত অনিয়ম
পথ নিৰ্মাণকাৰী ঠিকাদাৰে নিম্ন মানৰ সামগ্ৰীৰে পথ নিৰ্মাণ কৰাৰ বাবেই পথছোৱা খহি যোৱাৰ অভিযোগ কৰিছে স্থানীয় লোকসকলে । বৰ্তমান ফিল'বাৰী-কৈলাশপুৰ সংযোগী পথৰ নামহোলুং গাঁৱৰ খহি যোৱা অংশ মেৰামতিৰ বাবে ওলাই আহিছে স্থানীয় পুৰুষ-মহিলাসকল । আনহাতে গাঁৱখনৰ ডুমডুমা নৈৰ ওপৰত থকা পকী দলংখনৰ সমীপৰ পথৰ এটা অংশও বাঢ়নী পানীয়ে উটুৱাই নিয়ে ৷ পথটোৰ নিৰ্মাণৰ ক্ষেত্ৰত তদন্ত কৰি উন্নত প্ৰক্ৰিয়াৰে পথ নিৰ্মাণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষই আহ্বান জনাইছে স্থানীয় লোকে ।
লগতে পঢ়ক: বৰপেটাত বানৰ কবলত 1,35,415 গৰাকী লোক