ডুমডুমা, 16 নৱেম্বৰ: যি সময়ত ৰাজ্য চৰকাৰ তথা প্ৰশাসনে ৰাজকোষৰ ধন শৰাধ কৰি ব্ৰক্ষ্মপুত্ৰ পুষ্কৰৰ দৰে উৎসৱ পতাত ব্যস্ত সেই সময়তে আমি কেতিয়াবা ভাবি চাইছো নে কেনে আছে অসমীয়া জাতি ৰক্ষাৰ বাবে এসময়ত অসম আন্দোলন কৰি নিজ জীৱনৰ সৰ্বস্ব উজাৰি দিয়া লোকসকল ৷ 80ৰ দশকৰ এই বিদেশী খেদাৰ নামত হোৱা ছয়বছৰীয়া আন্দোলনে এচামক ধন-যশস্য,ক্ষমতাৰ সোৱাদ, সকলো দি যদি প্ৰতিষ্ঠা কৰিলে বৰঘৰত, আন্দোলনৰ নামত নিজৰ সৰ্বস্ব উজাৰি দিয়া এচামক কিন্তু নিদিলে ন্যূনতম মৰ্যদা ৷ এই আন্দোলনত অংশগ্ৰহণ কৰা বহুতো বৰ্ষীয়ান কৰ্মীৰ ইতিমধ্যেই মৃত্যু হৈছে আৰু যি সকল জীয়াই আছে তেওঁলোকে এতিয়া এটা এটা দিন কটাব লগা হৈছে চৰম অৱহেলাৰ মাজত ৷ তাৰে মাজৰ এজন হৈছে তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ফিল'বাৰী সোণোৱাল গাঁৱৰ 78 বছৰীয়া বিনাৰাম বৰা ৷ এসময়ত অসম আন্দোলনৰ সক্ৰিয় কৰ্মী বিনাৰাম বৰা ফিল'বাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰি থকা সময়ৰ পৰাই আঞ্চলিক ভৱাধাৰাৰে জড়িত হৈ পৰিছিল আছু আৰু গণ সংগ্ৰাম পৰিষদৰ লগত ৷ অসম আন্দোলনৰ চৰম সময়খিনিতে 1982 চনৰ পৰা 1985 চনৰ মাজত তিনিবাৰকৈ কাৰাৰুদ্ধ হৈছিল অসমীয়া জাতি ৰক্ষাৰ আন্দোলনৰ সেনানীজন ৷
কি দৰে দিন কটাইছে অসম আন্দোলনৰ এসময়ৰ সক্ৰিয়কৰ্মী বিনাৰাম বৰাই... - তিনিচুকীয়া বাতৰি
অসম আন্দোলন কৰি তিনিবাৰকৈ জেললৈ গৈছিল ডুমডুমাৰ ফিল'বাৰীৰ অসম আন্দোলন কৰ্মী বিনাৰাম বৰাই ৷ সেনাৰ প্ৰহাৰত চিৰদিনৰ বাবে হেৰুৱাইছিল শ্ৰৱণ শক্তি ৷ ৰোগাক্ৰান্ত বিনাৰামৰ খবৰ লবলৈ আহৰি নাই এসময়ত অসম আন্দোলন কৰি বৰমূৰীয়া হোৱা বৰ্তমানৰ ৰজাঘৰীয়াৰ ৷
আনকি আন্দোলনৰে জড়িত হোৱাৰ অপৰাধত সেনাৰ প্ৰহাৰত চিৰদিনৰ বাবে শ্ৰৱণ শক্তি হেৰুৱাবলগীয়া হৈছিল বিনাৰাম বৰাই ৷ কিন্তু, এসময়ত জাতি-ভেটি ৰক্ষাৰ বাবে নিজৰ সৰ্বস্ব উজাৰি দিয়া বিনাৰাম বৰা এতিয়া ৰোগাক্ৰান্ত ৷ বিনাৰামৰ চিকিৎসা কৰাব পৰাকৈ অৰ্থনৈতিক ভাৱেও সক্ষম নহয় ফিল'বাৰী সোণোৱাল গাঁৱত বাসকৰা বিনাৰামৰ পৰিয়ালটো ৷ ইমানবোৰ চৰকাৰী আঁচনি থকাৰ পাছতো এইজন বৰ্ষীয়ান অসম আন্দোলন কৰ্মীয়ে এতিয়ালৈকে লাভ নকৰিলে কোনো চৰকাৰী আঁচনিৰ সেৱা ৷ এসময়ত অসম আন্দোলন কৰি বৰ্তমান শাসনপাটত অধিস্থিত হোৱা মন্ত্ৰী-এম এল এৰো আহৰি নাই মিনাৰাম খবৰ লবলৈ ৷ ইয়াৰ পাছতো স্থানীয় দল সংগঠনৰ চৰকাৰক আহ্বান, "সহায় কৰক ৰোগাক্ৰান্ত বিনাৰামৰ"৷
আৰু পঢ়ক: শিৱসাগৰত ব্যতিক্ৰমী কাৰ্যসূচীৰে পালন 'ৰাষ্ট্ৰীয় প্ৰেছ দিৱস'