অসম

assam

Crude oil smuggling in Tinsukia: খাৰুৱা তেল চুৰি; অভিযান অব্যাহত আৰক্ষীৰ

By

Published : Jun 7, 2023, 10:45 PM IST

উজনি অসমত পনীয়া সোণৰ বেহা নিয়ন্ত্ৰিত হয় গুৱাহাটীৰ পৰা ৷ এই তথ্য শেহতীয়াকৈ পুনৰ পোহৰলৈ আহিছে লাংকাছি আৰক্ষী চকীৰ অন্তৰ্গত অঞ্চলত 26 মে’ত জব্দ কৰা এন 02 কে 7618 নম্বৰৰ চোৰাং খাৰুৱা তেলভৰ্ত্তি টেংকাৰখনৰ পৰা ৷ তালিকাত নাম সন্নিৱিষ্ট লোকসকলৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে (Crude oil smuggling in Tinsukia) ৷

Crude oil smuggling in Tinsukia
খাৰুৱা তেল চুৰি চক্ৰ

খাৰুৱা তেল চুৰি চক্ৰত জড়িত সাংবাদিকসহ আন তিনিজনক গ্ৰেপ্তাৰ

তিনিচুকীয়া, 7 জুন: উজনি অসমত পনীয়া সোণৰ বেহা নিয়ন্ত্ৰিত হয় গুৱাহাটীৰ পৰা ৷ এই তথ্য শেহতীয়াকৈ পুনৰ পোহৰলৈ আহিছে লাংকাছি আৰক্ষী চকীৰ অন্তৰ্গত অঞ্চলত 26 মে’ত জব্দ কৰা এন 02 কে 7618 নম্বৰৰ চোৰাং খাৰুৱা তেলভৰ্ত্তি টেংকাৰখনৰ পৰা ৷ টেংকাৰখন জব্দ কৰাৰ পাছতে আৰক্ষীয়ে নামি পৰে চুৰি চক্ৰটোৰ বিৰুদ্ধে অভিযানত (Crude oil smuggling in Tinsukia) ৷

তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (ক্ৰাইম) মইনুল ইছলামৰ নেতৃত্বত চলোৱা অভিযানৰ সময়ত 4 জুনত মাকুমৰ বীৰবল গোঁহাই, জান্তু মৰাণৰ লগতে তিনিচুকীয়াৰ সাংবাদিক অমৃত গগৈক গ্ৰেপ্তাৰ কৰে, লগতে তিনিচুকীয়াৰ ৰাজা ৰায় নামৰ চক্ৰটোৰ আন এজন মূল ব্যক্তিক আটক কৰে ৷ সমান্তৰালভাৱে আটক কৰা চক্ৰটোৰ ভাষ্যৰ ভিত্তিত এখন দীঘলীয়া তালিকা প্ৰস্তুত কৰে আৰক্ষীয়ে ৷ তালিকাত নাম সন্নিৱিষ্ট লোকসকলৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও চক্ৰটোৰ স’তে জড়িত তিনিচুকীয়াৰ লগতে গুৱাহাটীৰ আন আন চোৰাং খাৰুৱা তেলৰ মাফিয়াই আত্মগোপন কৰা বুলি জানিব দিছে আৰক্ষীয়ে (Crude oil thieves arrested) ৷

তিনিচুকীয়াৰ জনৈক শইকীয়া নামৰ এজন লোকৰ সন্ধানতো আৰক্ষীয়ে অভিযান অব্যাহত ৰখা বুলি জানিব পৰা গৈছে ৷ সমান্তৰালভাৱে আজি দিনৰ ভাগত তিনিচুকীয়াৰ আন এজন ফটো সাংবাদিককো আৰক্ষীয়ে সোধা-পোচাৰ কাৰণে লৈ যোৱা বুলি জানিব পৰা গৈছে ৷ ইফালে, তিনিচুকীয়াৰ হিজুগুৰিস্থিত বিলাসী হোটেল “হোটেল হাইৱে”ৰ ১০৩ নম্বৰ কোঠাত বহি গুৱাহাটীৰ মূল চক্ৰটোৱে তিনিচুকীয়াৰ চক্ৰটোৰ স’তে খাৰুৱা তেলৰ চুৰি কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰিছিল বুলি প্ৰকাশ পাইছে আটকাধীনৰ স্বীকাৰোক্তিত (Crude oil smuggling) ৷

সেই হেতুকে মঙলবাৰে আবেলি হিজুগুৰিৰ হোটেল হাইৱেত আটকাধীন ৰাজা ৰায়ক লগত লৈ আৰক্ষীৰ এটা বিশেষ দলে হোটেলখনৰ কৰ্মচাৰীসকলক সোধা-পোচা কৰাৰ লগতে গোপন কেমেৰাৰ দৃশ্য পৰীক্ষা কৰি কেইবাঘণ্টাযোৰা অনুসন্ধান চলাই ৷ এই বিলাসী হোটেলতে বহি তেল চুৰৰ সমগ্ৰ পৰিকল্পনা কৰাৰ লগতে ধনৰ আদান-প্ৰদান কৰাও সন্দেহপ্ৰকাশ কৰা হৈছে গুৱাহাটীৰ চক্ৰটোৰ স’তে ৷ তাৰ পাছতে গুৱাহাটীৰ চক্ৰটোৱে নিজ স্থানলৈ গমন কৰি মহানগৰীত বহি উজনিৰ পৰা চুৰি তেল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বহিঃৰাজ্যলৈ প্ৰেৰণ কৰি চৰকাৰক সকলো কৰ ফাঁকিৰে লাখ লাখ টকা ঘটি আহিছে ৷

উল্লেখনীয় যে, আৰক্ষীৰ ভাষ্যত স্পষ্টকৈ প্ৰকাশ পাইছে তিনিচুকীয়াৰ সাংবাদিক অমৃত গগৈয়ে বিভিন্ন পক্ষক মেনেজ কৰিবৰ কাৰণে তেল চুৰি চক্ৰটোৰ স’তে জড়িত থকাৰ লগতে মোটা অংকৰ ধন লৈছে চক্ৰটোৰ পৰা ৷ যদিহে অমৃত গগৈয়ে চক্ৰটোৰ পৰা বিভিন্ন পক্ষক মেনেজ কৰিবলৈ মোটা অংকৰ ধন লৈছেই তেন্তে কাক মেনেজ কৰিছে সেয়া এইপৰ্যন্ত পোহৰলৈ অহা নাই যদিও এই মোটা অংকৰ ধনৰ পৰিমাণ আৰক্ষীৰ শীৰ্ষ বিষয়া কিম্বা অইলৰ বিষয়ালৈ গৈছে নেকি বুলি সৰ্বত্ৰে চৰ্চিত হৈ পৰিছে ৷ এই চক্ৰটোৰ স’তে জড়িত ৰৌ-বৰালি জালত পৰিব নে পলাতক বুলি তদন্ত আধাতে সামৰণি পৰিব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হৈ ৰ’ব ৷

ABOUT THE AUTHOR

...view details