অসম

assam

ETV Bharat / state

Tinsukia CRPF Jawan killed: ড্ৰাগছৰ বাবেই বৰডুমচাত হত্যাৰ বলি হ’ল CRPF জোৱান সুনীল কুমাৰ পাণ্ডে

বৰডুমচাত CRPF জোৱানৰ মৃত্যুত হাতত মমবাতি লৈ ৰাজপথলৈ ওলাই আহিল ৫ শতাধিক লোক ৷ জোৱানজনৰ হত্যাৰ সৈতে ড্ৰাগছৰ বেহা জড়িত থকাটো নিশ্চিত কৰিলে তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে ৷

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 9:17 PM IST

Tinsukia CRPF Jawan killed
Tinsukia CRPF Jawan killed

ড্ৰাগছৰ বাবেই বৰডুমচাত হত্যাৰ বলি হ’ল CRPF জোৱান সুনীল কুমাৰ পাণ্ডে

তিনিচুকীয়া, ৭ ছেপ্টেম্বৰ: অসম-অৰুণাচল সীমান্তৰ বৰডুমচাত বুধবাৰে আবেলি CRPF জোৱান সুনীল কুমাৰ পাণ্ডেক দুৰ্বিত্তই চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰাক লৈ উত্তাল হৈ আছে অঞ্চলটো । বৃহস্পতিবাৰে সমগ্ৰ দিনটো ব্যৱসায়ীসকলে বজাৰ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে সন্ধিয়া অসম আৰু অৰুণাচলৰ প্ৰদেশৰ ৫ শতাধিক পুৰুষ -মহিলাই হাতে হাতে মমবাতি লৈ ৰাজপথলৈ ওলাই আহিল ।

সুনীল কুমাৰ পাণ্ডেৰ হত্যাকাৰীক ফাঁচি দিয়া, ড্ৰাগচ মাফিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা আদি দাবীৰে অসম আৰু অৰুণাচল প্ৰদেশৰ সীমান্ত বৰডুমচা অঞ্চলৰ পৰিৱেশ উত্তাল কৰি তোলে ৷

প্ৰায় ২ কিলোমিটাৰ পথ মমবাতি হাতে হাতে লৈ প্ৰতিবাদ কৰাৰ পাছতে মৃত CRPF জোৱান সুনীল কুমাৰ পাণ্ডেৰ প্ৰতিচ্ছবিত বন্তি জ্বলাই বৰডুমচাবাসী ৰাইজে তেখেতৰ আত্মাৰ সদগতি কামনা কৰি শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে । তাৰ সমান্তৰালভাৱে দুই দুৰ্বৃত্তক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে ৰাইজে ৷

ইফালে, দুই দুৰ্বৃত্তক ক্ৰমে নামচাই জিলাৰ চাংলাই গাঁৱৰ চাও নিউটা মিন (২৬) আৰু জেংলাই গাঁৱৰ চাও আৰ্ভি খেনক (২৫) নামচাইত আৰক্ষীয়ে আটক কৰি বৰডুমচা আৰক্ষী থানালৈ অনাৰ পাছতে অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাস দাসে এখন সংবাদমেল সম্বোধন কৰি সমগ্ৰ ঘটনাৰ আঁৰত মাৰাত্মক ড্ৰাগছৰ বেহা জড়িত থকাৰ কথা নিশ্চিত কৰে ৷

ড্ৰাগছ জড়িত থকাটো নিশ্চিত কৰাৰ লগতে হঠাতে দুই দুৰ্বিত্তক কৰায়ত্ত কৰিবলৈ চেষ্টা কৰাৰ ফলতেই এনেধৰণৰ ঘটনা সংঘটিত হোৱা বুলি অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাষ দাসে উল্লেখ কৰে যদিও তদন্ত অব্যাহত আছে বুলি মন্তব্য কৰে ৷ তদন্তৰ অন্তত সকলো জনাব পৰা যাব বুলি সদৰী কৰে আৰক্ষী বিষয়াগৰাকীয়ে ৷

লগতে পঢ়ক:CRPF Constable murder update: বৰডুমচাকাণ্ডৰ CCTV ফুটেজ সংগ্ৰহ আৰক্ষীৰ; আটক হোৱা নাই দুৰ্বৃত্ত

ABOUT THE AUTHOR

...view details