অসম

assam

ETV Bharat / state

CRPF Constable murder update: বৰডুমচাকাণ্ডৰ CCTV ফুটেজ সংগ্ৰহ আৰক্ষীৰ; আটক হোৱা নাই দুৰ্বৃত্ত - চি আৰ পি এফ কনিষ্টবল সুনীল কুমাৰ পাণ্ডে

বৰডুমচাৰ ৰাজহুৱা স্থানত হানি খুচি হত্যা কৰা হ’ল চি আৰ পি এফ কনিষ্টবল সুনীল কুমাৰ পাণ্ডে (50)ক ৷ এই ঘটনাক কেন্দ্ৰ কৰি আজিও অব্যাহত আছে চাঞ্চল্য । ইতিমধ্যে আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা সংগ্ৰহ কৰিছে উক্ত ঘটনাৰ CCTV ফুটেজ ৷ অৱশ্যে বৰ্তমানো অভিযানকাৰী দলে আটক কৰিবলৈ সক্ষম হোৱা নাই বাইকত অহা দুই দুৰ্বৃত্তক ৷

CRPF Constable murder update
ৰাজহুৱা স্থানত হানি খুচি হত্যা কৰা হ’ল চি আৰ পি এফ কনিষ্টবলক

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 8:21 AM IST

ৰাজহুৱা স্থানত হানি খুচি হত্যা কৰা হ’ল চি আৰ পি এফ কনিষ্টবলক

তিনিচুকীয়া, 7 ছেপ্টেম্বৰ :বুধবাৰে তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৰ বৰডুমচাৰ মুকলি বজাৰত সংঘটিত হোৱা হত্যাকাণ্ডই তোলপাৰ লগাইছে ৰাজ্যত ৷ ইতিমধ্যে আৰক্ষীয়ে সংগ্ৰহ কৰিছে CCTV ৰ দৃশ্যাংশ ৷ এই CCTV ৰ দৃশ্যাংশৰ ভিত্তিতে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷ লগতে বাইকত অহা দুই দুৰ্বৃত্তৰ সন্ধানত ইতিমধ্যে আৰক্ষীয়ে চলাইছে অভিযান ৷

সকলোৰে জ্ঞাত যে, বুধবাৰে তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৰ বৰডুমচাৰ মুকলি বজাৰত সংঘটিত হয় এক হত্যাকাণ্ড ৷ এই হত্যাকাণ্ডটোক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । জানিব পৰা মতে, নিহত লোকজন হৈছে চি আৰ পি এফৰ কনিষ্টবল সুনীল কুমাৰ পাণ্ডে (50) ৷

ঘটনাৰ বিৱৰণি অনুসৰি, কৰ্মসূত্ৰে অৰুণাচল প্ৰদেশৰ বৰডুমচাত থকা চি আৰ পি এফৰ কনিষ্টবল সুনীল কুমাৰ পাণ্ডে অৰুণাচল-অসমৰ সীমান্তৰ অৰুণাচলৰ চৰকাৰী গেট পাৰ হৈ অসমৰ বৰডুমচাত আবেলি সাধাৰণ পোছাকত বজাৰ কৰিবলৈ আহিছিল । তেওঁ যাৱতীয় বস্তু ক্ৰয় কৰি থাকোতেই এখন মটৰ চাইকেলত অহা দুজনীয়া দুৰ্বৃত্তৰ দলে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ৷ ফলত গুৰুতৰভাৱে আহত হয় কনিষ্টবলগৰাকী ৷

ইফালে এই ঘটনা সংঘটিত কৰিয়েই উক্ত স্থানৰ পৰা পলায়ন কৰে দুৰ্বৃত্তৰ দলটোৱে ৷ কেই মুহূৰ্তৰ ভিতৰতে সংটিত হোৱা এই ঘটনাক টলকিবই নোৱাৰিলে কোনো লোকে ৷ পৰৱৰ্তী সময়ত স্থানীয় লোক আৰু বৰডুমচা থানাৰ আৰক্ষী-অৰুণাচল আৰক্ষীৰ দলৰ তৎপৰতাত গুৰুতৰভাৱে আহত চি আৰ পি এফ কনিষ্টবলগৰাকীক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও মৃত্যু হয় কনিষ্টবলগৰাকীৰ ৷

নিহত কনিষ্টবলগৰাকী উত্তৰ প্ৰদেশৰ বুলি জানিব পৰা গৈছে ৷ ইফালে দিন-দুপৰতে এগৰাকী চি আৰ পি এফ কনিষ্টবলক হত্যা কৰা ঘটনাক কেন্দ্ৰ কৰি উত্থাপন হৈছে ভিন্ন প্ৰশ্নৰ ৷ নিৰাপত্তাৰ দিশ সন্দৰ্ভতো স্থানীয় ৰাইজৰ মাজত বহু প্ৰশ্নৰ উদ্ৰেগ ঘটিছে ৷

শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, উক্ত ঘটনাৰ CCTV ৰ দৃশ্যাংশ সংগ্ৰহ কৰিছে যদিও বৰ্তমান পৰ্যন্ত আৰক্ষী, অৰ্ধসামৰিক বাহিনী, সেনা বাহিনীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই দুই দুৰ্বৃত্তক ৷ একাংশৰ মতে, দুই অভিযুক্ত ড্ৰাগছ সৰবৰাহকাৰী অথবা ড্ৰাগছ আসক্ত যুৱক আছিল ৷

কিন্তু চি আৰ পি এফ কনিষ্টবলগৰাকীৰ সৈতে দুই অভিযুক্তৰ কি শত্ৰুতা আছিল, সেয়া পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ৷

লগতে পঢ়ক :CRPF Jawan death: চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা CRPF জোৱানক

ABOUT THE AUTHOR

...view details