শদিয়া, 26 নৱেম্বৰ :এতিয়া আঘোণৰ পথাৰত সোণগুটি বুটলি খেতিয়কে সপোন ৰছাৰ সময় । বছৰটোলৈ ভাত মুঠি যোগাৰ কৰিবলৈ যি সময়ত গাঁৱৰ পুৰুষ-মহিলা সকলৰ পথাৰত ব্যস্ততা বাঢ়িছে, সেই সময়তে তিনিচুকীয়া জিলাৰ কাকপথাৰৰ বৃহত্তৰ ডিৰাক অঞ্চলৰ কৃষকে ধাননী পথাৰত হুমুনিয়াহ কাঢ়িবলগীয়া হৈছে ৷
কাৰণ, খৰাং বতৰ, সময়ত বৰষুণ নাই । জলসিঞ্চনৰ সুব্যৱস্থা নথকাৰ বাবে পথাৰ ৰোৱা কঠীয়া এতিয়া কঠীয়া হৈয়ে থাকি গ'ল ৷ কৃষক ৰাইজে যিধৰণে এইবাৰ ফল লাভ কৰিব বুলি ভাবিছিল সেই আশাত এতিয়া চেঁচা পানী পৰিল বুলিয়ে ক'ব পাৰি(crisis of water creating trouble for farmers) ৷ সময়মতে পানী নোপোৱাৰ(crisis of water) বাবে ধানৰ থোক বোৰৰ অধিকাংশই এতিয়া পতান হৈ পৰিছে ৷
কৃষক ৰাইজে অভিযোগ কৰা মতে, বতৰৰ আগজাননী পাই খেতিয়কে বেংকৰ পৰা ঋণ লৈ খেতি কৰিছিল ৷ ভাবিছিল প্ৰত্যেক বছৰৰ দৰে এইবাৰ বতৰ ভাল হোৱাৰ বাবে অধিক ধান উৎপাদন কৰিব পাৰিব কৃষক ৰাইজে ৷ কিন্তু সেই সপোনে বাস্তৱ ৰূপ নাপালে ৷